Thursday, October 16, 2025
Eng
Home » প্ৰাণৰ মমতাত দেশ এৰিলে ডেৰ বছৰত ডেৰ লাখতকৈ অধিক ৰোহিংগীয়াই…

প্ৰাণৰ মমতাত দেশ এৰিলে ডেৰ বছৰত ডেৰ লাখতকৈ অধিক ৰোহিংগীয়াই…

by Abhilasha das kalita
0 comments

প্ৰাণৰ মমতাত দেশ এৰিলে ডেৰ বছৰত ডেৰ লাখতকৈ অধিক ৰোহিংগীয়াই…

ম্যানমাৰৰ গৃহযুদ্ধৰ ফলত বিগত ডেৰ বছৰত বাংলাদেশলৈ ১ লাখ ৫০ হাজাৰ নতুন ৰোহিংগীয়া শৰণাৰ্থীৰ আগমন ঘটিছে বুলি ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।

ম্যানমাৰৰ গৃহযুদ্ধৰ ফলত বিগত ডেৰ বছৰত বাংলাদেশলৈ ১ লাখ ৫০ হাজাৰ নতুন ৰোহিংগীয়া শৰণাৰ্থীৰ আগমন ঘটিছে বুলি ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্ত (UNHCR)ৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে। নতুনকৈ অহাসকলৰ অধিকাংশই মহিলা আৰু শিশু।

ম্যানমাৰৰ সেনাবাহিনীৰ সাম্প্ৰদায়িক হিংসা আৰু আক্ৰমণৰ মাজতে ২০১৭ চনত প্ৰায় ৮ লাখ ৰোহিংগীয়া মুছলমান বাংলাদেশলৈ পলায়ন কৰাৰ পিছত এয়াই হৈছে সৰ্বাধিক শৰণাৰ্থীৰ আগমন। UNHCR-এ কয় যে জুন মাহলৈকে বায়’মেট্ৰিক পদ্ধতিৰে ১ লাখ ২১ হাজাৰ নতুন ৰোহিংগীয়া চিনাক্ত কৰা হৈছে।

বহু ৰোহিংগীয়া এতিয়াও চিনাক্ত হোৱা নাই যদিও তেওঁলোক সকলোৱে ৰোহিংগীয়া শিবিৰত বাস কৰি আছে। প্ৰসংগক্ৰমে ম্যানমাৰ-বাংলাদেশ সীমান্তৰ মুঠ দৈৰ্ঘ্য ২৭১ কিলোমিটাৰ।

যুদ্ধৰ বিগত দুবছৰত বিদ্ৰোহী মিত্ৰজোঁট ‘থ্ৰী ব্ৰাদাৰহুড এলায়েন্স’ৰ সৰ্ববৃহৎ সশস্ত্ৰ গোট আৰাকান আৰ্মীয়ে জুন্টা সেনাক উৎখাত কৰি সমগ্ৰ সীমান্ত দখল কৰিছে। যোৱা ডিচেম্বৰৰ পৰা ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ ৮০ শতাংশতকৈ অধিক অংশ তেওঁলোকৰ নিয়ন্ত্ৰণত আছে।

য’ত আছে মাউংডাও, বুথিডাউং, পেলেটাউ চহৰ। বাংলাদেশৰ সৈতে আছে এই প্ৰদেশখনৰ সীমা। এনে পৰিস্থিতিত ইউনুছৰ চৰকাৰে তাত বসবাস কৰা লাখ লাখ ৰোহিংগীয়া মুছলমানৰ ‘ভৱিষ্যৎ’ক লৈ চিন্তিত।

এসময়ত ম্যানমাৰৰ শাসকীয় সামৰিক জুন্টাৰ চকুৰ কুটা হিচাপে পৰিগণিত হোৱা ৰোহিংগীয়া মুছলমানসকল বৰ্তমানৰ যুদ্ধ পৰিস্থিতিত চৰকাৰী বাহিনীৰ মিত্ৰ হৈ পৰিছে! বিগত এবছৰ ধৰি বাংলাদেশ সীমান্ত অঞ্চলত
আৰাকান ৰোহিংগীয়া ছেলভেশ্যন আৰ্মি’ (আৰছা), আৰাকান ৰোহিংগীয়া আৰ্মী আৰু ৰোহিংগীয়া ছলিডাৰিটি অৰ্গেনাইজেশ্যনৰ যোদ্ধাসকলে বিদ্ৰোহীৰ বিৰুদ্ধে কান্ধত কান্ধ মিলাই বাংলাদেশ সীমান্ত অঞ্চলত যুঁজ দি আহিছে।

এনে পৰিস্থিতিত ৰোহিংগীয়া মুছলমানসকল আৰাকান সেনাৰ নতুন লক্ষ্য হৈ পৰিছে। ফলত পুনৰ বাংলাদেশত প্ৰৱেশ কৰিছে ৰোহিংগীয়া শৰণাৰ্থী।

You may also like