Home » বকুল ফুলৰ ঔষধি গুণাগুণৰ কথা জানেনে?

বকুল ফুলৰ ঔষধি গুণাগুণৰ কথা জানেনে?

by pompy das
0 comments

প্ৰতিগৰাকী ব্যক্তিৰে প্ৰিয় ফুল আৰু ফুলৰ
আমোলমোল সুগন্ধি৷ ফুল বেয়া পোৱা মানুহৰ সংখ্যা হয়তো এই পৃথিৱীত বহুত ক’ম৷

বকুলৰ আমোলমোল সুবাসে আমাৰ সকলোৰে প্ৰিয় নহয়নে বাৰু? কিন্তু এই ফুলটিৰ কেৱল সুবাসেই নহয়, ফুলটিৰ আছে বহুত ঔষধি গুণাগুণ৷

আয়ুৰ্বেদিক ঔষধত এই ফুলৰ অধিক ব্যৱহাৰ হোৱা দেখা যায়৷
এই ফুল সাধাৰণতে দাঁতৰ বিকাৰ যেনে- আলুৰ ৰক্তক্ষৰণ, পাইৰিয়া, দাঁতৰ কেৰি আৰু দুৰ্বল দাঁতৰ চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰা হয়।

ইফালে বুুকুল গছৰ ছালো বহু ঔষধিগুণযুক্ত এক প্ৰাকৃতিক সম্পদ।
ইয়াৰ ছালৰ পৰা বিভিন্ন ৰোগৰ ঔষধ তৈয়াৰ কৰা হয়। বিশেষকৈ, বকুল গছৰ ছাল দাঁতৰ সমস্যা, ঘা, আৰু অন্যান্য শাৰীৰিক বিকাৰ দূৰ কৰাত ব্যৱহাৰ কৰা হয়।
বকুল গছৰ ছাল জ্বৰ, কাহ, আৰু পেটৰ বিষৰ দৰে সমস্যাৰ চিকিৎসাতো ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, বকুল গছৰ ছালৰ পৰা তৈয়াৰ কৰা ঔষধ গৰ্ভৱতী মহিলাৰ বাবেও উপযোগী বুলি কোৱা হয়।

মুঠতে বকুল ফুল প্ৰকৃতিৰ বাবে এক উপহাৰ স্বৰূপ৷

You may also like

Leave a Comment