Home » গ্ৰীষ্মকালত আপোনাৰ চুলিকোচাৰ কেনেকৈ ল’ব যতন?

গ্ৰীষ্মকালত আপোনাৰ চুলিকোচাৰ কেনেকৈ ল’ব যতন?

by Abhilasha das kalita
0 comments

গ্ৰীষ্মকালত সূৰ্যৰ তাপ, ধূলি, মাটি, ঘাম আৰু প্ৰদূষণৰ ফলত চুলি ক্ষতিগ্ৰস্ত হ’বলৈ আৰম্ভ কৰে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতেই বজাৰত উপলব্ধ ব্যয়বহুল সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু এক টকা খৰচ নকৰাকৈয়ে আপুনি চুলিৰ সকলো সমস্যাৰ সমাধান ঘৰতেই পাব পাৰে।
ইয়াৰ লগতে, ইয়াত এণ্টিঅক্সিডেণ্ট, ভিটামিন আৰু খনিজ পদাৰ্থও থাকে, যিয়ে চুলিক স্বাস্থ্যৱান আৰু শক্তিশালী কৰি ৰাখে।চুলিত চাউল ধোৱা পানী কিদৰে ব্যৱহাৰ কৰিব লাগে, আজি জানো আহক-

চুলিত ব্যৱহাৰৰ বাবে চাউলৰ পানী কিদৰে তৈয়াৰ কৰিব

– প্ৰথমে চাউলখিনি ভালদৰে পৰিস্কাৰ কৰি ল’ব।

– চাউলখিনিৰ পৰা পৰিস্কাৰ পানী নোলোৱালৈকে ধুই থাকিব।

-তাৰ পিছত আপুনি এটা পাত্ৰত অলপ পৰিস্কাৰ পানী ল’ব আৰু আধা ঘণ্টাৰ বাবে এই পানীত চাউলখিনি তিয়াই থ’ব।

-এতিয়া ছেকনিৰ সহায়ত চাউলখিনি পানীৰ পৰা পৃথক কৰিব।

– এই পানীখিনি এটা গ্লাছৰ পাত্ৰত ভৰাই ঢাকনি দি ১২-২৪ ঘণ্টাৰ বাবে বন্ধ কৰি ৰাখিব।

– মনত ৰাখিব যে পানীখিনি ২৪ ঘণ্টাতকৈ অধিক সময় ঢাকি ৰাখিব নালাগে, অন্যথা ই নষ্ট হ’ব পাৰে।

চুলিত চাউলৰ পানী কেনেদৰে ব্যৱহাৰ কৰিব

– প্ৰথমে চুলিখিনি ছেম্পুৰে ধুব আৰু তাৰ পিছত কণ্ডিচনাৰ হিচাপে চাউলৰ পানী ব্যৱহাৰ কৰিব।

– আপুনি চাউলৰ পানী ‘হেয়াৰ মাস্ক’ হিচাপেও ব্যৱহাৰ কৰিব পাৰে।

– চাউলৰ পানীত কেইটোপালমান এলভেৰা আৰু নাৰিকলৰ তেল মিহলি কৰিও চুলিত প্ৰয়োগ কৰিব পাৰে।

– আপুনি স্প্ৰে বটল এটাত চাউলৰ পানীখিনি ভৰাই লিভ-ইন কণ্ডিচনাৰ হিচাপেও চুলিত ব্যৱহাৰ কৰিব পাৰে।

You may also like

Leave a Comment