Home » ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰিছে ঝাৰখণ্ড,৫জনকৈ বোলব’ম যাত্ৰীৰ সৈতে শোকাৱহ ঘটনা

ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰিছে ঝাৰখণ্ড,৫জনকৈ বোলব’ম যাত্ৰীৰ সৈতে শোকাৱহ ঘটনা

by barnali saikiah
0 comments

নিউজ ডেস্ক:-ঝাৰখণ্ডত ভয়াবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ৫ গৰাকী ভক্তৰ মৃত্যু, আহতৰ সংখ্যা ২৩ জনৰো অধিক। শাওণ মাহ উপলক্ষে ঝাৰখণ্ডৰ বাবা বৈদ্যনাথ ধামত চলি থকা কানৱৰ যাত্ৰাত অংশগ্ৰহণ কৰিছিল এইসকল লোকে।

জানিব পৰা মতে ৰাজ্যখনৰ দেওঘৰ-বসুকিনাথ মূল পথৰ যমুনিয়া চ’কৰ সমীপত কানৱাৰীয়াৰে ভৰা এখন বাছ আৰু এখন ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয়। তাৰ পৰিণতিতেই এই কৰুণ ঘটনা সংঘটিত হয়।প্ৰাপ্ত তথ্য মতে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় প্ৰশাসন, আৰক্ষী আৰু এম্বুলেন্সৰ দল ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়।

আহত আটাইকেইজনকে দেওঘৰৰ বিভিন্ন চিকিৎসালয় আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে, য’ত তেওঁলোক চিকিৎসাধীন হৈ আছে। জিলা প্ৰশাসনে সাহায্য আৰু উদ্ধাৰৰ কাম অব্যাহত ৰাখিছে।

সাংসদ নিশিকান্ত ডুবেই এক্সত এই ঘটনাৰ কথা উল্লেখ কৰি শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছে, ‘মোৰ লোকসভাৰ দেওঘৰত শ্ৰাৱণ মাহত কাৱাৰ যাত্ৰাৰ সময়ত বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাত ৫ জন ভক্তৰ মৃত্যু হৈছে। বাবা বৈদ্যনাথজীয়ে তেওঁলোকৰ পৰিয়ালক এই ক্ষতিক সহ্য কৰিবলৈ শক্তি দিয়ক।’

You may also like

Leave a Comment