Home » দিনটোত তিনিসাঁজ ভাত খোৱাৰ অভ্যাস ভাল নে বেয়া?

দিনটোত তিনিসাঁজ ভাত খোৱাৰ অভ্যাস ভাল নে বেয়া?

by Abhilasha das kalita
0 comments

আমাৰ দেশৰ অধিকাংশ অঞ্চলতে ভাতেই হৈছে মানুহৰ প্ৰধান খাদ্য। কিছু কিছু স্থানত দিন বা ৰাতিৰ আহাৰ তালিকাত ৰুটি থাকে যদিও ভাতেই সাধাৰণতে অধিক লোকে প্ৰধান আহাৰ হিচাপে গ্ৰহণ কৰে। অসমতো দুই এক ব্যতিক্ৰম বাদ দি ৰুটিতকৈ ভাতৰহে গুৰুত্ব অধিক। কিছু লোকৰ ক্ষেত্ৰত পৰিস্থিতি এনে হৈ পৰে যে, দিনটোত ভাতসাঁজ পেটত নপৰিলে আন কোনো খাদ্য খোৱাৰ পিছতো পেট ভালদৰে নভৰে। আমাৰ বহুলোকৰ মাজত প্ৰচলিত এক ধাৰণাও আছে যে ভাত সৰহকৈ খালেহে বলবান হ’ব তথা স্বাস্থ্য ভাল হ’ব।

সাধাৰণতে আমাৰ সমাজত বহু লোকে দিনটোত পুৱা, দুপৰীয়া আৰু ৰাতি তিনিসাঁজ ভাত খোৱা দেখা যায়। অৱশ্যে দিনটোত তিনিবাৰ ভাত খোৱাৰ অভ্যাস দেহৰ বাবে ভাল নে বেয়া, সেই লৈ বহুলোকৰ মনত প্ৰশ্নও নথকা নহয়। এই বিষয়ত সঠিককৈ জ্ঞাত নোহোৱাৰ বাবে বহু লোকে জানিবলৈ চেষ্টাও কৰে। পুষ্টিবিদসকলে এই বিষয়ে কি পৰামৰ্শ দিয়ে জানো আহক।

ভাত খোৱাটো স্বাভাৱিকতেই অস্বাস্থ্যকৰ নহয়, কিন্তু পৰিমাণ আৰু খোৱাৰ পদ্ধতি সঠিক হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ভাতত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে, যি শৰীৰক শক্তি প্ৰদান কৰে। দৈনিক যথেষ্ট শাৰীৰিক পৰিশ্ৰম কৰা ব্যক্তিসকলৰ বাবে ভাত খোৱাতো দৰকাৰী।

ইয়াৰ উপৰিও চাউলত প্ৰটিন, ছডিয়াম, মেগনেছিয়াম, ফ’লেট, আৰু খাদ্য আঁহ আদি পুষ্টিকৰ উপাদান থাকে। চাউল স্বাভাৱিকতে গ্লুটেনমুক্ত। এজন সুস্থ ব্যক্তিয়ে নিজৰ দৈনন্দিন শক্তি আৰু পুষ্টিৰ প্ৰয়োজন অনুসৰি ভাত খালে, দিনটোত কেইবাৰো ভাত খোৱাত কোনো সমস্যা নাই। কিন্তু, পৰিমাণ নিয়ন্ত্ৰণ খুবেই জৰুৰী।

অধিক ভাত খালে শৰীৰত অতিৰিক্ত কেলৰি বৃদ্ধি পায়, যাৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে। ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ভাতৰ পৰিমাণ বিশেষভাৱে কমাব লগে, কাৰণ চাউলত থকা কাৰ্বহাইড্ৰেটৰ ফলত তেজত চেনিৰ মাত্ৰা বাঢ়ে। ভাত খুব সহজে হজম হয় আৰু পেটো ঠাণ্ডা কৰি ৰাখে। বদহজম, এচিডিটি, বা ডায়েৰিয়াৰ অৱস্থাতো ভাত খালে ভাল।

সাধাৰণতে দিনটোৰ ভিতৰত কেইবাবাৰো ভাত খালে কোনো ক্ষতি নহয়। কিন্তু স্বাস্থ্যৰ দৃষ্টিৰে পৰিমাণ তথা দৈহিক কাৰ্যকলাপ, আৰু ব্যক্তিগত পুষ্টি-প্ৰয়োজন অনুসৰি ভাত খোৱাটো প্ৰয়োজনীয় বুলি পুষ্টিবিদসকলে মত প্ৰকাশ কৰে।

You may also like

Leave a Comment