Saturday, October 11, 2025
Eng
Home » বন্ধুত্ব দিৱস কেৱল এটা দিন নহয়, এই দিনটো সম্পৰ্কবোৰ অনুভৱ কৰাৰ এটা বিশেষ দিন

বন্ধুত্ব দিৱস কেৱল এটা দিন নহয়, এই দিনটো সম্পৰ্কবোৰ অনুভৱ কৰাৰ এটা বিশেষ দিন

by Abhilasha das kalita
0 comments

৩ আগষ্ট, ২০২৫ঃ বন্ধুত্ব দিৱস কেৱল এটা দিন নহয়, এই দিনটো সম্পৰ্কবোৰ অনুভৱ কৰাৰ এটা বিশেষ দিন। বন্ধুত্ব হৃদয়ত থকা এটি সম্পৰ্ক, য’ত নাথাকে তেজৰ সম্পৰ্ক। থাকে মাথোঁ মনৰ মিলন। বন্ধুত্বই সেই বিশেষ বন্ধন যিয়ে আমাক হাঁহিবলৈ শিকাই, পাৰিলে আমাক চম্ভালি লয় আৰু নিসংগতাত আটাইতকৈ লগ দিয়ে বন্ধুয়ে। গতিকে এই বন্ধু দিৱসত আপোনাৰ বিশেষ বন্ধুক জনাওক শুভেচ্ছা।

প্ৰতিবছৰে ৩ আগষ্ট ‘বন্ধুত্ব দিৱস’ উদযাপন কৰা হয়। এই বন্ধুত্ব দিৱসত আহক আমি সেই বন্ধুসকলক আকোৱালি লওঁ যিসকল আমাৰ হাঁহিৰ আঁৰৰ কাৰণ আৰু চকুলোৰ সময়ত শক্তি।

১. বন্ধুত্ব হৈছে সুখ আৰু দুখৰ কাহিনীৰ নাম। বন্ধুত্ব হৈছে সদায় হাঁহি থকাৰ ৰহস্য। এয়া এক মুহূৰ্তৰ স্বীকৃতি নহয়। বন্ধুত্ব হৈছে জীৱনজুৰি একেলগে থকাৰ প্ৰতিশ্ৰুতি।

২. এক মিঠা হৃদয় যিয়ে কেতিয়াও ঘৃণা নকৰে। এক মিঠা হাঁহি যি কেতিয়াও ম্লান নহয়। এনে এক অনুভৱ যিয়ে কেতিয়াও দুখ নিদিয়ে আৰু এটা সম্পৰ্ক যি কেতিয়াও নহয়।

৩. বন্ধুত্বৰ সম্পৰ্ক মূল্যৱান, এজন বন্ধু হৃদয়ৰ আটাইতকৈ ওচৰত থাকে। এজন প্ৰকৃত বন্ধু বিচাৰি পোৱাটো সহজ নহয়। যদি পোৱা যায়, ই আপোনাক গোটেই জীৱন সমৰ্থন কৰে।

৪.জীৱনত কিছুমান এনেকুৱা বন্ধু লগ পোৱা যায়। যিসকল আমাৰ পৰিয়াল হৈ পৰে।

৫. বন্ধুত্ব কোনো তেজৰ সম্পৰ্ক নহয়, কিন্তু বুজাব নোৱাৰা এটা অনুভৱ।

You may also like