Wednesday, December 24, 2025
Eng
Home » টীয়ক প্ৰেছ ক্লাবৰ উদ্যোগত দ্বিতীয় বৰ্ষৰ বাবে আয়োজন গ্ৰন্থমেলা

টীয়ক প্ৰেছ ক্লাবৰ উদ্যোগত দ্বিতীয় বৰ্ষৰ বাবে আয়োজন গ্ৰন্থমেলা

by Abinash Saikia
0 comments

৫ ডিচেম্বৰ, ২০২৫ঃ গ্ৰন্থমেলা মানেই কিতাপৰ সমাহাৰ। টীয়ক প্ৰেছ ক্লাবৰ উদ্যোগত দ্বিতীয় বৰ্ষৰ বাবে আয়োজন গ্ৰন্থমেলা। ১৪ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ হ’ব এই গ্ৰন্থমেলা । টীয়ক হাইস্কুল খেলপথাৰত হ’ব গ্ৰন্থমেলা ।

গ্ৰন্থমেলা হ’ল এটা বাণিজ্যিক অনুষ্ঠান য’ত প্ৰকাশকে কিতাপ প্ৰদৰ্শন আৰু ব্যৱসায় কৰে। ছপাখানাৰ আৱিষ্কাৰৰ লগে লগে গ্ৰন্থৰ প্ৰচাৰ বাঢ়িবলৈ আৰম্ভ কৰে আৰু ইয়াৰ ফলত জ্ঞান-বিজ্ঞানৰ সীমা বিস্তৃত হ’বলৈ ধৰিলে। আগতে গ্ৰন্থ ৰচিত হৈছিল যদিও সেইবাৰে মুষ্টিমেয় মানুহৰ হাতত থুপ খাই আছিল। তাৰপৰা বাহিৰা মানুহ বৰ বিশেষ লাভৱান হ’ব পৰা নাছিল। এতিয়া বিশ্বৰ বিভিন্ন গ্ৰন্থ পাব পৰা হৈছে মুদ্ৰাযন্ত্ৰ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ কাৰণে গ্ৰন্থ সম্পৰ্কে আমাক এক সুন্দৰ অভিজ্ঞতা প্ৰদান কৰে এই গ্ৰন্থমেলাসমূহে ।

গ্ৰন্থমেলাৰ দ্বাৰা সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হ’ব পাৰে বিশেষকৈ ছাত্র-ছাত্রী তথা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্রস্তুতি চলাই থকা যুৱক-যুৱতীয়ে ইয়াত উপলব্ধ কিতাপ সংগ্রহ কৰি জ্ঞান আহৰণ কৰিব পাৰে ।

জ্যেষ্ঠ সাংবাদিক ৰিজু শইকীয়া,দিগন্ত হাজৰিকা আৰু পাৰ্থ হাজৰিকাৰ নেতৃত্বত টীয়কত হ’ব গ্ৰন্থৰ সমাহাৰ। বুঢ়ী আইৰ সাধুৰ পৰা মদ্ভাগৱত ভাগৱত লৈকে উপলব্ধ থাকিব এই গ্ৰন্থ মেলাত। শিশু কালত আইতাৰ মুখত শুনা সাধু সমূহো “বুঢ়ী আইৰ সাধু”নামৰ কিতাপৰ পৰা শ্ৰী কৃষ্ণৰ মহাভাৰতৰ সকলো ধৰ্ম মূলক গ্ৰন্থৰ পৰা আৰম্ভ কৰি,নৱ প্ৰজন্মৰ লেখিকা আশ্রৱিকা বৰাৰ ‘ হৰদেং’, ‘নয়ন তৰাৰ পৃথিৱীৰ ‘ পৰা অনুৰাধা শৰ্মা পূজাৰীৰ পৰা আৰম্ভ কৰি ৰীতা চৌধুৰী,স্বৰ্গীয় হোমেন বৰগোহাঞি,মনোজ গোস্বামী,নিতুমণি শইকীয়া,অতনু ভূঞা,আদি কৰি গণ্য মান্য লেখকৰ কিতাপ এই গ্ৰন্থমেলাত উপলব্ধ হ’ব। অসমৰ আগশাৰীৰ গ্ৰন্থ প্ৰকাশন গোষ্ঠী সমূহে এই গ্ৰন্থ মেলাত আগভাগ ল’ব

You may also like

Leave a Comment