ক্ৰমাৎ বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে পৃথিৱীৰ মানচিত্ৰ। সলনি হ’বলৈ আৰম্ভ কৰিছে পৃথিৱীপৃষ্ঠৰ আকাৰ। ভূ-পৃষ্ঠৰ তলত ধাৰাবাহিকভাৱে চলি আছে ভূ-তাত্বিত প্ৰক্ৰিয়া। বিজ্ঞানীসকলৰ মতে আফ্ৰিকা মহাদেশখনৰ তলত বিপজ্জনকভাৱে ভূতাত্ত্বিক প্ৰক্ৰিয়া চলি আছে যিটোৱে অহা কেইবা নিযুত বছৰৰ ভিতৰত ইয়াক দুটা ভাগত বিভক্ত কৰিব পাৰে। নতুন চুম্বকীয় অনুসন্ধানসমূহে আফ্ৰিকান ফলকখন ক্ৰমাগতভাৱে ফাট মেলাৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে।
শেহতীয়াকৈ জাৰ্নেল অৱ আফ্ৰিকান আৰ্থ চাইন্সেছত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে ওপৰৰ পৰা তললৈ মুকলি হোৱা জেকেটৰ জিপাৰৰ দৰে উত্তৰ-পূবৰ পৰা দক্ষিণলৈ এই ফাটটো বিস্তাৰিত হৈছে। ইফালে পৃথিৱীৰ তলত আগ্নেয়গিৰিৰ কাৰ্যকলাপ, ভূমিকম্প, চিন অহৰহ দেখিবলৈ পোৱা গৈছে।
আনুমানিক এই প্ৰক্ৰিয়াটো প্ৰায় ৫০ লাখৰ পৰা এক কোটি বছৰৰ আফ্ৰিকাক সম্পূৰ্ণ দুটা ভাগত বিভক্ত কৰিব এই প্ৰক্ৰিয়াই। পশ্চিম আফ্ৰিকা—ইজিপ্ত, আলজেৰিয়া, নাইজেৰিয়া, ঘানা, নামিবিয়া—আৰু পূব আফ্ৰিকা—ছ’মালিয়া, কেনিয়া, তাঞ্জানিয়া, মোজাম্বিক আৰু ইথিওপিয়াৰ এক বৃহৎ অংশ।
আফ্ৰিকাৰ ভৌগলিক পৰিৱৰ্তন ৪,০০০ মাইল দীঘল, ৩,০৪০ মাইল বহল আৰু জৰ্ডানৰ পৰা মোজাম্বিকলৈকে বিস্তৃত। বিজ্ঞানীসকলৰ মতে ভৱিষ্যতে এই পৰিৱৰ্তনে মালাউই হ্ৰদ আৰু তুৰ্কানা হ্ৰদৰ দৰে বৃহৎ হ্ৰদ দুটা ভাগত কাটি পেলাব।
গৱেষকসকলৰ মতে য’ত লোহিত সাগৰ, এডেন উপসাগৰ আৰু ইথিওপিয়াৰ ৰিফ্টৰ সংযোগ ট্ৰিপল জংচন গঠন হয়। ১৯৬৮ আৰু ১৯৬৯ চনত সংগ্ৰহ কৰা চুম্বকীয় তথ্য আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি পুনৰ অধ্যয়ন কৰা হৈছিল। এই চিহ্নবোৰৰ পৰা অনুমান কৰিব পাৰি যে আৰব আৰু আফ্ৰিকাৰ মাজত সাগৰৰ তলত বিয়পি পৰাৰ ফলত এসময়ত নতুন ভূমিৰ সৃষ্টি হৈছিল।
ভূমিকম্পৰ ফলত পৃথিৱীৰ ভৌগলিক পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাই ভূপৃষ্ঠৰ ওপৰত বিপদজনকভাৱে প্ৰবাৱ পেলাবলৈ আৰম্ভ কৰিছে। যাৰ ফলত এটা সময় আহিব যিটো সময়ত সমগ্ৰ পৃথিৱীৰ আকাৰ সলনি হৈ এক নতুন মানৱ সভ্যতাৰ উদ্ভৱ হ’ব
ক্ৰমাৎ বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে পৃথিৱীৰ মানচিত্ৰ
ক্ৰমাৎ বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে পৃথিৱীৰ মানচিত্ৰ
17