Home » ১২ জনে মিলি এফালৰ পৰা কৰিলে গুলীবৰ্ষণ।

১২ জনে মিলি এফালৰ পৰা কৰিলে গুলীবৰ্ষণ।

১০ জন লোকৰ একেলগে মৃত্যু।

by admin
0 comments

১২ জনে মিলি এফালৰ পৰা কৰিলে গুলীবৰ্ষণ। ১০ জন লোকৰ একেলগে মৃত্যু।

আষ্ট্ৰেলিয়াৰ চিডনীৰ দৰে এইবাৰ ভয়াৱহ ঘটনা সংঘটিত হৈছে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত। অচিনাক্ত লোকে জনসমাগম এলেকাত কৰা গুলীবৰ্ষণত ১০ জন লোকৰ মৃত্যু। ১২ জন দুৰ্বৃত্তই এলেকাটোত আগচি ধৰি কৰিছিল গুলীবৰ্ষণ। দক্ষিণ আফ্ৰিকাৰ সময় অনুসৰি নিশাৰ ভাগত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছে। গুলীবৰ্ষণত ২০ জন লোক গুলীবিদ্ধ হোৱাৰ তথ্য সদৰী কৰিছে স্থানীয় প্ৰশাসনে। এই ঘটনা জোহান্সবাৰ্গৰ পৰা দক্ষিণ-পশ্চিম দিশৰ প্ৰায় ৪০ কিলোমিটাৰ দূৰত্ব সংঘটিত হৈছিল । এই ঘটনাৰ পিছতেই স্থানীয় আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। অৱশ্যে বৰ্তমানেও আৰক্ষীয়ে স্পষ্ট হোৱা নাই যে কিয় এই গুলীবৰ্ষণ কৰা হৈছে আৰু ইয়াৰ আঁৰত কোন জড়িত হৈছে।

You may also like