ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰ হৈছে বালাদেশ। দ্বিতীয়জন ছাত্ৰ নেতাক গুলীয়াই হত্যাৰ চেষ্টা আততায়ীৰ। গুলীবিদ্ধ নেতাজন National Citizen Partyৰ মুটালেব চিকদাৰ। ভাৰত বিৰোধী আন্দোলনৰ সমান্তৰালকৈ সৃষ্টি হৈছে গুপ্ত হত্যাৰ দৰে পৰিস্থিতিৰ। ৰেলীৰ মাজতে নেতাগৰাকীক গুলীচালনা কৰা ঘটনাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ।
ঘটনাৰ পিছতেই বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনাই দোষ থেলিলে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছক। চৰকাৰ সলনি হোৱাৰে পৰাই আৰম্ভ হোৱা অস্থিৰতাৰ বাবে জগৰীয়া কৰিলে ইউনুছ চৰকাৰক। শ্বেইখ হাচিনাৰ অভিযোগ অস্থিৰতা বৰ্তাই ৰখাই অন্তৰৱৰ্তীকালীন চৰকাৰখনৰ লক্ষ্য।
১২ ডিচেম্বৰ তাৰিখে যুৱনেতা উচমান হাদীক গুলীয়াই হত্যা কৰাৰ পিছতেই অস্থিৰ হৈ পৰিছিল সমগ্ৰ বাংলাদেশ। বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত জঁপিয়াই পৰিছিল সংখ্যাগুৰু জনতা। চহৰৰ মাজমজিয়াত হত্যা কৰি জ্বলাই দিয়া হৈছিল এগৰাকী শ্ৰমিকক। বিশ্ব জোকাৰি যোৱা ঘটনাক লৈ এই পৰ্যন্ত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ইউনুছ চৰকাৰৰ বিৰুদ্ধে। উচমান হাদিৰ মৃত্যুৰ পিছতেই দিনে নিশাই ভয়ংকৰ আৰু হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে উচমান হাদিৰ সমৰ্থকে। যাৰ ফলত বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত সৃষ্টি হৈছে অচলাৱস্থাৰ। তাৰ মাজতে শেহতীয়াকৈ এগৰাকী ৰাজনৈতিক নেতাক লক্ষ্য কৰি কৰা গুলীচালনাৰ ঘটনাই বাংলাদেশৰ জনতাকদুটা ভাগত ভাগ কৰাৰ উপক্ৰম হৈছে।