Home » আজি পৰাক্ৰম দিৱস… কিয় পালন কৰা হয় এই দিৱস ?

আজি পৰাক্ৰম দিৱস… কিয় পালন কৰা হয় এই দিৱস ?

by Priyanka borah
0 comments

২৩ জানুৱাৰী, ২০২৬ঃ আজি ভাৰতৰ মহান স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী। যাক দেশজুৰি ‘পৰাক্ৰম দিৱস’ হিচাপে পালন কৰা হয় । পৰাক্ৰম দিৱস প্ৰতি বছৰে ভাৰতত ২৩ জানুৱাৰী তাৰিখে পালন কৰা হয়। নেতাজীৰ অদম্য আত্মা আৰু ৰাষ্ট্ৰৰ প্ৰতি নিঃস্বাৰ্থ সেৱাক সন্মান আৰু স্মৰণ কৰিবলৈ পৰাক্ৰম দিৱস উদযাপন কৰা হয়।

২০২১ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫তম জন্ম জয়ন্তী উপলক্ষে ভাৰত চৰকাৰে তেওঁৰ জন্মদিন পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে এই দিৱস পালনৰ ঘোষণা কৰিছিল। ২০২১ চনৰ ২৩ জানুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে এই দিৱস ৰাষ্ট্ৰীয়ভাৱে পালন কৰা হয়।

নেতাজীৰ “তুমি মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম” (Give me blood, and I shall give you freedom) শীৰ্ষক বাণীয়ে আজিও সকলোকে অনুপ্ৰাণিত কৰে ।

১৮৯৭ চনৰ ২৩ জানুৱাৰীত ওড়িশাৰ কটকত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশ গ্ৰহণ কৰা নেতাসকলৰ ভিতৰত বসুও আছিল অন্যতম। ভাৰতীয় স্বাধীনতা সংগ্ৰামত তেওঁৰ অপৰিসীম অৱদান, সাহস আৰু ‘আজাদ হিন্দ ফৌজ’ গঠনৰ প্ৰতি সন্মান জনাই পালন কৰা হয় এই দিৱস।

ব্ৰিটিছৰ পৰা দেশ মুক্ত কৰাত নেতাজীয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নেতাজীয়ে ১৯২১ চনত মহাত্মা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত স্বাধীনতা আন্দোলনতো অংশ লৈছিল। তদুপৰি ইংলেণ্ডৰ পৰা উভতি অহাৰ পিছত নেতাজীয়ে ১৯৩৮ চনত কংগ্ৰেছৰ সভাপতি হৈ ভাৰতৰ স্বাধীনতা পুনৰুদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাইছিল।

আজি সমগ্ৰ দেশে পালন কৰিছে ‘পৰাক্ৰম দিৱস’। এই দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন হৈছে। লগতে বিভিন্ন জনে নেতাজীক জনাইছে শ্ৰদ্ধাঞ্জলি। পৰাক্ৰম দিৱস উপলক্ষে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা ব্যক্তিক ‘সুভাষ চন্দ্ৰ বসু আপদ প্ৰবন্ধন পুৰস্কাৰ’ প্ৰদান কৰা হয় ।

You may also like

Leave a Comment