৯ জানুৱাৰী, ২০২৬ঃ আজি অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। ADRE চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে। ৪২ টা বিভাগত ৪৩৬৯ গৰাকীক ADRE চতুথ্ বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি প্ৰদান। বিষ্ণু-জ্যোতি আন্তৰ্জাতিক কলা মন্দিৰত প্ৰদান কৰা হয় নিযুক্তিপত্ৰ। এতিয়ালৈ ৰাজ্য চৰকাৰে নিযুক্তি দিছে ১ লাখ ৪৫ হাজাৰ ৬৬৪ গৰাকী প্ৰাৰ্থীক।

নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানত উপস্থিত থাকি চাকৰিৰ বদলিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা।

চাকৰিৰ বদলিৰ বাবে ‘স্বাগত সতীৰ্থ’ প’ৰ্টেল মুকলি কৰিব। ১ ফেব্ৰুৱাৰীৰ পৰা ‘স্বাগত সতীৰ্থ’ মুকলি হ’ব। এতিয়াৰে পৰা বছৰত দুবাৰকৈ খুলিব ‘স্বাগত সতীৰ্থ’ প’ৰ্টেল। ইয়াৰ পূৰ্বে জুনত খোলা হৈছিল ‘স্বাগত সতীৰ্থ’। এই প’ৰ্টেলৰ জৰিয়তে বদলি কৰিব পাৰিব। দালালচক্ৰ নিৰ্মূল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।