২৩ জানুৱাৰী, ২০২৬ঃ কেইদিনমান পূৰ্বলৈকে গ্ৰীণলেণ্ড দখলৰ স্থিতিত অটল থকা আমৰিকাক এতিয়া নালাগে গ্ৰীণলেণ্ড। ডাভোছৰ ৱৰ্ল্ড ইকন’মিক ফৰাম লৈ গৈয়ে যেন মন সলনি হ’ল ট্ৰাম্পৰ। ভেনিজুয়েলাৰ ৰাষ্ট্ৰপতি মাদৰোক অপহৰণ কৰাৰ পাছতেই নিজকে বিশ্বৰ সৰ্বশক্তিমান বুলি ভাবি ইখনৰ পাছত সিখন দেশ নিজ অধীনলৈ আনিবলৈ উঠি পৰি লাগিছে আমেৰিকা।

ঠিক সেইদৰে গ্ৰীণলেণ্ড দখলৰ বাবেও উঠি পৰি লাগিছিল ট্ৰাম্প। কিন্তু ৱৰ্ল্ড ইকন’মিক ফৰামত NATOৰ মূৰব্বী মাৰ্ক ৰোতেক সাক্ষাতৰ পাছতেই মন ঘূৰিল ট্ৰাম্পৰ। যেন ভাষা সলনি হ’ল ট্ৰাম্পৰ। ট্ৰাম্পে ধমকি দিছিল যে ইউৰোপীয় দেশসমূহত অত্যাধিক শুল্ক আৰোপ কৰিব আমেৰিকাই । কিন্ত সেইয়াও উঠাই ল’লে ড’নাল্ড ট্ৰাম্পে। NATOৰ প্ৰতিনিধিৰে আলোচনাৰ পাছত ট্ৰাম্পে ঘোষণা কৰিলে আমি এটা সিদ্ধান্তত উপনীত হ’ব বিচাৰো।

ইয়াৰ লগতে ট্ৰাম্পৰ সিদ্ধান্ত ইউৰোপৰ প্ৰতিখন দেশৰ ওপৰত আৰোপ কৰিবলগীয়া শুল্কবান ঘূৰাই ল’ব বিচাৰিছে ট্ৰাম্পে। NATOৰ ফালৰ পৰাও স্পষ্ট কৰিলে এই আলোচনাই এক সফল গতি লাভ কৰিব। এই আলোচনাই শান্তি সুৰক্ষা বজাই ৰখাত সহায় কৰিব। ট্ৰাম্পেও ৱৰ্ল্ড ইকন’মিক ফৰামৰ পৰাই স্পষ্ট কৰিলে যে গ্ৰীণলেণ্ড দখল কৰিবলৈ আমাৰ সেনাই আৰু চেষ্টা নকৰে। কিন্ত ইয়াৰ বাবে ট্ৰাম্পে আকৌ বিচাৰিছে আলোচনা।

কিন্ত এতিয়া প্ৰশ্ন উঠিছে ট্ৰাম্পৰ গ্ৰীণ্ডলেণ্ডৰ প্ৰতি এনে নৰম স্থিতি কিয় ? এক সূত্ৰৰ খবৰ অনুসৰি গ্ৰীণলেণ্ডত থকা খনিজ পদাৰ্থত অধিকাৰ আমেৰিকাও পাওক। এফালে দি এফালে উলিয়াই অনাৰ যেন চিন্তা কৰিছে ট্ৰাম্পে। ট্ৰাম্পে কৈছে যে এই পৰৱৰ্তী আলোচনা আগবঢ়াই নিব আমেৰিকাৰ বিদেশ মন্ত্ৰী আৰু ৰাষ্ট্ৰদূতে। ইয়াৰ লগতে ডেনমার্কৰ বিদেশ মন্ত্ৰীয়ে ঘোষণা কৰিলে সমস্যা সমাধানৰ পথ আমাৰ নিচেই ওচৰত । অতি শীঘ্ৰে আমি এক সিদ্ধান্তত উপনীত হ’ম ।

আমৰিকাই গ্ৰীণলেণ্ড দখল কৰিম বুলি কোৱাৰ পাছতেই সৃষ্টি হৈছিল এক আতংকময় পৰিৱেশৰ। ইয়াৰ বাবে প্ৰতিখন ইউৰোপীয় দেশৰ সেনাবাহিনীয়ে আৰম্ভ কৰিছিল কুজ-কাৱাজ। যাতে আমেৰিকাৰ পৰা গ্ৰীণলেণ্ডক উদ্ধাৰ কৰিব পাৰে। কিন্ত সেই আতংক যেন এতিয়া কিছু আতঁৰিছে। এতিয়া আমেৰিকাৰে হোৱা NATOৰ পৰৱৰ্তী আলোচনাৰ পাছতেহে স্পষ্ট হ’ব আমেৰিকাৰ স্থিতি কি হব।