২৫ জানুৱাৰী, ২০২৬ঃ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিষ্ঠিত ভাৰতবৰ্ষত প্ৰতিজন ভোটাৰৰ গুৰুত্ব আৰু মহত্বক বুজাই তুলিবলৈ সমগ্ৰ দেশতে ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় । ১৯৫০ চনৰ ২৫ জানুৱাৰীত গঠন হোৱা ভাৰতৰ নিৰ্বাচন আয়োগৰ স্মৃতিত ৬১তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ২০১১ চনৰ পৰা সেইসময়ৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে এই দিৱসৰ আনুষ্ঠানিকভাৱে পাতনি মেলিছিল।

প্ৰতি বছৰে ২৫ জানুৱাৰীত সমগ্ৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস (National Voters’ Day) উদযাপন কৰা হয়। ২০১১ চনৰ পৰা ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠা দিৱস (২৫ জানুৱাৰী, ১৯৫০) উপলক্ষে এই দিৱস পালন কৰা হয়।
ইয়াৰ মূল উদ্দেশ্য হ’ল-
ভোটাৰসকলক, বিশেষকৈ নতুন যুৱ প্ৰজন্মক ভোটদানৰ প্ৰতি উৎসাহিত কৰা। গণতান্ত্ৰিক প্ৰক্ৰিয়াত ভোটাৰৰ সক্ৰিয় অংশগ্ৰহণ বৃদ্ধি কৰা। ১৮ বছৰ উৰ্দ্ধৰ ভোটাৰসকলৰ নাম পঞ্জীয়ন কৰা ।

২০২৬ চনৰ বাবে বিশেষ তথ্য:
এই বছৰ ১৬ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হৈছে। ২০২৬ বৰ্ষৰ বিষয়বস্তু হৈছে- “My India, My Vote” (মোৰ ভাৰত, মোৰ ভোট)।
নতুন দিল্লীত এই উপলক্ষে কেন্দ্ৰীয় অনুষ্ঠান অনুষ্ঠিত হয়, য’ত ভোটাৰ সজাগতাৰ বাবে বঁটা প্ৰদান কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীত এই অনুষ্ঠানত ভোটাৰ তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্ত হোৱা যুৱ প্ৰজন্মক ভোটাৰ ফটো পৰিচয় পত্ৰ প্ৰদান কৰে।