পূৰ্ব পুৰুষ সকলক টাই আহোমসকলে স্মৰণ কৰা বিশেষ দিনটোৱেই হ’ল মে ডাম মে ফি। টাই-আহোমসকলৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱৰ মূল উৎস প্ৰাচীন চীনৰ কনফুচিয়াছ ধৰ্মৰ পূৰ্বপুৰুষ উপাসনাতত্ত্ব যি পাছলৈ টাই জাতিৰ দাম-ফি পৰম্পৰা ৰূপে বিকাশ ঘটে। কনফুচিয়াছৰ শিক্ষা সমুহ আজিও আহোম সমাজে পালন কৰে। আধুনিক যুগত ইয়াক ৩১ জানুৱাৰীত উদযাপন কৰা হয়।মে ডাম মে ফিত মুঠ দহজন দেউক উপাসনা কৰা হয়। তেওঁলোক হৈছে
খাও খাম,
আই লেংদিন,
য়াচিংফা,
জান-চাই-হাং,
লেংডন,
চিট-লাম-চাম,
মুট-কাম টাই-কুম,
ডাম চাও ফী বা চাও ফী ডাম (তেৰ পুৰুষৰ আগৰ ককা-আইতাসকল),ৰা-খিন,বা-খিন। বান-ফাই (চাকি জলোৱা),সমূহীয়া ভোজ খোৱা, ফ্ৰাং-মৈদাম তৰ্পণ আদিৰে অনুষ্ঠান ভাগি আৰম্ভ আৰু শেষ হয়। প্ৰবাদ মতে মে ডাম মে ফি ই অৰ্থ হ’ল মে মানে প্ৰার্থনা বা পূজা কৰা, ডাম মানে পূর্বপুৰুষ বা মৃতক আৰু ফী মানে দেও বা দেৱতা। এই পূজাৰ জৰিয়তে উপৰি-পুৰুষৰ হৈ অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ লগতে সমাজ তথা দেশৰ মংগলৰ বাবে পমিং (আশীর্বাদ) বিচৰা হয়। টাই আহোম সকলে বিশ্বাস কৰে যে, পূর্বপুৰুষৰ মৃত্যুৰ পিছত দেৱতাৰ ৰূপত সাতখন স্বর্গৰ কোনোবা এখনত বাস কৰে আৰু পৃথিৱীত ৰৈ যোৱা তেওঁলোকৰ পো-নাতি, পৰিনাতি, জীয়ৰী-বোৱাৰী সকলোৰে অভিভাৱকত্ব গ্ৰহণ কৰে। টাই আহোম সকলে পুনৰ জন্মৰ কথা বিশ্বাস নকৰে। তেওঁলোকে মৃতকৰ আত্মাই মাথোন কিছুদিনৰ বাবেহে ভ্ৰমি ফুৰিবলগীয়া হয়, উত্তৰ-পুৰুষৰ পৰা পূজা পোৱাৰ পিছতেই তেওঁ দেৱতাৰ শাৰীলৈ উন্নীত হয়।
অবিনাশ শইকীয়া।