Thursday, February 12, 2026
Eng
Home » গুৱাহাটী ডিব্ৰুগড় আৰু তেজপুৰত নাইকীয়া হ’ব যান-জঁট

গুৱাহাটী ডিব্ৰুগড় আৰু তেজপুৰত নাইকীয়া হ’ব যান-জঁট

ব্ৰহ্মপুত্ৰত চলিব ৱাৰ্টাৰ মেট্ৰ'!

by Priyanka borah
0 comments

১২ ফেব্ৰেুৱাৰী, ২০২৬ঃ কেৰেলাৰ কোচি ৱাটাৰ মেট্ৰ’ৰ প্ৰকল্পৰ দৰে অসমৰ ব্ৰহ্মপুত্ৰৰ বুকুত শীঘ্ৰেই আৰম্ভ হোৱাৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে ৱাটাৰ মেট্ৰ’ প্ৰকল্প । অসমত জল পৰিবহনত অধিক সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কোচি মেট্ৰ’ ৰে’ল লিমিটেড (কে এম আৰ এল)ৰ সহযোগত প্ৰস্তুত কৰা এখন সম্ভাৱনীয়তা অধ্যয়ন প্ৰতিবেদন আভ্যন্তৰীণ জল পৰিবহণ কৰ্তৃপক্ষৰ (আই ডব্লিউ টি এ) অনুমোদনৰ বাবে দাখিল কৰা হৈছে।

 

প্ৰতিবেদনত গুৱাহাটি, তেজপুৰ আৰু ডিব্ৰুগড়ক অন্তৰ্ভুক্ত কৰা হৈছে। এই কথা প্ৰকাশ কৰে কোচি ৱাটাৰ মেট্ৰ’ৰ মুখ্য পৰিচালন বিষয়া (চি অ’ অ’) চাজন জনে । আজি কেৰেলাৰ কোচিস্থিত দেশৰ প্ৰথমটো ৱাটাৰ মেট্ৰ’ৰ প্ৰকল্পৰ মুখ্য কাৰ্যালয়ত হোৱা Assam Talksৰ সাংবাদিক সমীৰণ শইকীয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চি জি এম শ্বাজি জনাৰ্ধন,ব্যৱস্থাপনাৰ পৰিচালক সঞ্জয় কুমাৰ ,মুখ্য জনসংযোগ বিষয়া- সামাজিক মাধ্যমৰ কে কে জয় কুমাৰৰ উপস্থিতিত চাজন জনে কয় : অসমৰ গুৱাহাটী,তেজপুৰ আৰু ডিব্ৰুগড়ত নিৰ্মাণ হ’বলগীয়া প্ৰায় ১২০০ কোটি টকাৰ প্ৰকল্পটোত ব্ৰহ্মপুত্ৰ নদীত বৈদ্যুতিক-হাইব্ৰিড নাও চলাচল কৰাৰ লক্ষ্য লোৱা হৈছে।

গুৱাহাটীৰ যাতায়তৰ ভিৰ মুক্ত কৰাৰ কল্পনা কৰা হৈছে। তেওঁ কয় যে ইয়াৰ সফলতা নিৰ্ভৰ কৰিব কাৰিকৰী সম্ভাৱনীয়তা, পৰ্যাপ্ত ধন, আন্তঃগাঁথনি উন্নয়ন, আৰু ব্ৰহ্মপুত্ৰৰ ঋতুভিত্তিক তাৰতম্য চম্ভালিব পৰা ক্ষমতাৰ ওপৰত। যদি পৰিকল্পনা অনুসৰি অগ্ৰগতি হয়, তেন্তে এই প্ৰকল্পই গুৱাহাটীৰ লগতে তেজপুৰ আৰু ডিব্ৰুগড়ৰ বাবে আধুনিক যাতায়তৰ এক নতুন যুগৰ সূচনা কৰিব পাৰে।

You may also like

Leave a Comment