১১ ফেব্ৰুৱাৰী,২০২৬ঃ
সমুদ্ৰিক পথৰ সফল মাপকাঠীৰ বাস্তৱিক ছবি প্ৰতিফলিত হৈছে কেৰেলাৰ ঐতিহাসিক কোচি পোৰ্টত। বন্দৰ,জাহাজ,জলপথ আদি বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে এক নতুন মাত্ৰাৰ দিশে গতি কৰিছে দেশৰ ভিন্ন প্ৰান্তৰ জাহাজ বন্দৰৰ লগতে কোচিন জাহাজ বন্দৰটো।

১৯২৮ চনতে স্থাপন হোৱা এই বন্দৰটোৱে আৰব সাগৰ – লেকাডিভ সাগৰ – ভাৰত মহাসাগৰৰ সাগৰীয় পথৰ সংযোগ কৰিছে। যিয়ে ভাৰতৰ সৈতে বিভিন্ন উন্নয়নশীল ৰাষ্ট্ৰৰ সৈতে যোগাযোগ ব্যৱস্থা তুৰান্বিত কৰিছে।

কোচিন বন্দৰৰ অংশ ভেলাৰপাডাম কণ্টেইনাৰ টাৰ্মিনেল ভাৰতৰ প্ৰথমটো ট্ৰেন্সশ্বিপমেণ্ট টাৰ্মিনেল। ডুবাইত স্থাপিত এক বৃহৎ আন্তঃ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ দ্বাৰা এই এই বন্দৰৰ জৰিয়তে ৭০ খন দেশৰ সৈতে ভাৰতে দেশৰ সৈতে ব্যৱসায়িক পথ মুকলি কৰিছে।

এই পোৰ্টত বিগত বর্ষত ১৪০০ খন জাহাজ চলাচল কৰাৰ লগতে বিগত বৰ্ষত প্ৰায় ২০০ কোটি টকা অর্জন কৰা বুলি বিভাগীয় লোকে জানিব দিয়ে। সৰ্বানন্দ সোণোৱালে বিভাগটোৰ দায়িত্ব লোৱাৰে পৰা ন ন পৰিকল্পনা গ্ৰহণ কৰি আহিছে।

ভাৰত চৰকাৰে সাগৰমালা আঁচনিৰ জৰিয়তে কোচিন বন্দৰ বৃদ্ধি , বন্দৰ নেতৃত্বাধীন ঔদ্যোগীকৰণ, আন্তঃগাঁথনি আধুনিকীকৰণ, উন্নত সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি দক্ষতা বৃদ্ধিৰ লগতে লজিষ্টিক খৰচ হ্ৰাস কৰিছে।

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে সাগৰমালা আঁচনিৰ অধীনত কেৰেলাত ২৭৩ কোটি টকাৰ ৮টা প্ৰকল্পৰ বাবে ধন আগবঢ়াইছে, যাৰ লক্ষ্য হৈছে বন্দৰ সংযুক্ত ঔদ্যোগীকৰণ আৰু সামুদ্ৰিক দক্ষতা উন্নত কৰা।