১৪ ফেব্ৰুৱাৰী, ২০২৬ঃ আজি প্ৰেমৰ দিৱস ভেলেণ্টাইন ডে’। প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ উদযাপন কৰা হয়।এই দিনটোৱৈ বিশেষকৈ প্ৰেমিক যুটিয়ে আগ্ৰহেৰে অপেক্ষা কৰে। যদিও ভেলেণ্টাইন ডে’ অতি আড়ম্বৰেৰে উদযাপন কৰা হয়, কিন্তু এই দিৱস পালন কৰাৰ আঁৰৰ কাৰণ জানেনে?
প্ৰেমিক যুটিৰ বাবে ফেব্ৰুৱাৰী মাহতো অতিকৈ বিশেষ। বসন্তৰ আগমনৰ বতৰা লৈ উন্মনা ফাগুনৰ পৰশত ভাঁহি আহে প্ৰেমৰ সুবাস। এয়া যে প্ৰেমত উন্মাদ হোৱা সময়। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে প্ৰেমিক যুটিয়ে ।
ভেলেণ্টাইন দিৱস হ’ল এজন বা তাতোধিক খ্ৰীষ্টিয় শ্বহীদ ছেইণ্ট ভেলেণ্টাইনৰ নামত উচৰ্গিত দিন। বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে ইয়াক পালন কৰা হয়। এই দিনটো পৱিত্ৰ প্ৰেমৰ দিন হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়। এই দিনটোত প্ৰেমিক-প্ৰেমিকা সকলে নিজৰ প্ৰিয়জনক ফুলৰে (ভেলেণ্টাইন বাৰ্তা)সম্ভাষণ জনায়।
ভেলেণ্টাইন ডে’ আচলতে ছেইণ্ট ভেলেণ্টাইন নামৰ এজন ৰোমান সাধুৰ মৃত্যুবাৰ্ষিকী হিচাপে পালন কৰা হয় । এই বিশেষ দিনটো কিছু ৰোমৰ লোক কাহিনী জড়িত হৈ আছে । এই দিনটো প্ৰেম আৰু ৰোমাঞ্চৰ বাবে উৎসৰ্গিত ।
আদিতে কেইবাজনো খ্ৰীষ্টিয় শ্বহীদক ছেইণ্ট ভেলেণ্টাইন নামেৰে নামকৰণ কৰা হৈছিল। ১৪ ফেব্ৰুৱাৰী তাৰিখত সন্মান জনোৱাসকল হৈছে ৰোমৰ ভেলেণ্টাইন আৰু টাৰ্ণিৰ ভেলেণ্টাইন। প্ৰায় ২৬৯ খ্ৰীষ্ট পূৰ্বাব্দত খ্ৰীষ্টিয় পুৰোহিত ৰোমৰ ভেলেণ্টাইন গৰাকীক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয় আৰু তেওঁক ভায়া ফ্লেমিনা নামে ঠাইত কবৰ দিয়া হয়।
ইতিহাস চালে দেখা যায় যে ৰোমান সম্ৰাট ক্লাউডিয়াছ দ্বিতীয়ই বিশ্বাস কৰিছিল বিবাহৰ পাছত সৈনিকসকল দুৰ্বল হৈ পৰে । সেয়েহে তেওঁ কম বয়সীয়া সৈনিকৰ বিবাহত বাধা আৰোপ কৰিছিল । কিন্তু চেণ্ট ভেলেণ্টাইনে ৰজাৰ এই আদেশৰ বিৰোধিতা কৰিছিল আৰু এদিন তেওঁ গোপনে বহু সৈনিকৰ বিয়া কৰাই দিছিল ।
এই কথা যেতিয়াই ৰজাই গ’ম পালে, তেতিয়া কোনোবা এটা ৩য় শতিকাৰ ১৪ ফেব্ৰুৱাৰীৰ এটা দিনত চেণ্ট ভেলেণ্টাইনক মৃত্যুদণ্ড বিহে ৷ কোৱা হয় যে চেণ্ট ভেলেণ্টাইন যেতিয়া কাৰাগাৰত বন্দী হৈ আছিল, তেতিয়া তেওঁ জেইলাৰৰ কন্যাৰ প্ৰেমত পৰিছিল ৷
চেণ্ট ভেলেণ্টাইনক মৃত্যুদণ্ড দিয়াৰ পূৰ্বে তেওঁ নিজ হাতেৰে জেইলাৰৰ কন্যালৈ এখন চিঠি লিখিছিল ৷ সেই চিঠিৰ শেষত তেওঁ লিখিছিল “তোমাৰ ভেলেণ্টাইন” । তেতিয়াৰ পৰাই এই দিনটোক প্ৰেম আৰু সমৰ্পণৰ প্ৰতীক হিচাপে গণ্য কৰা হয় ৷ সেই তেতিয়াৰে পৰা ১৪ ফেব্ৰুৱাৰীৰ দিনটোত চেণ্ট ভেলেণ্টাইনক স্মৰণ কৰি ভেলেণ্টাইন ডে’ হিচাপে উদযাপন কৰি অহা হৈছে ৷
ভেলেণ্টাইন দিৱসত বিশেষ গুৰুত্ব লাভ কৰা কেইটামান জনপ্ৰিয় কাহিনী –
দেবদাস আৰু পাৰু
ভাৰতৰ লগতে পৃথিৱীৰ অন্য কিছুপ্ৰান্তটো এই কাহিনী জনপ্ৰিয়। বাংলা ভাষাৰ সাহিত্যিক শৰৎ চন্দ্ৰ চট্টোপধ্যায়ে এই কাহিনীটোৰ ৰচনা কৰিছিল। এই কাহিনীটোক লৈ বৰ্তমানলৈকে কেবাখনো চলচ্চিত্ৰ আৰু নাটক নিৰ্মাণ কৰা হৈছে।
ছাহজাহান আৰু মমতাজ
১৬১২ত আৰ্জমুণ্ড বানু নামৰ এগৰাকী কিশোৰী মোগল সম্ৰাট ছাহজাহানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। মমতাজ ছাহজাহানৰ সকলোতকৈ প্ৰিয় পত্নী আছিল কিন্তু মমতাজৰ অকাল মৃত্যু ঘটাত পত্নীৰ মৃত্যু চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে ২০০০০ কৰ্মী, এহেজাৰ হাতী আৰু সুদীৰ্ঘ ২০ বছৰ কাল ব্যয় কৰি তাজমহল নিৰ্মাণ কৰি উলিয়াইছিল। ছাহজাহানৰ মৃত্যুৰ পাছত তেওঁৰ নিজ ইচ্ছা অনুসৰি তাজমহলত থকা মমতাজত কবৰৰ কাষতেই কবৰ দিয়া হয়।
ছেলিম আৰু আনাৰকলি
মোগল সম্ৰাট আকবৰৰ পুত্ৰ ছেলিম আৰু আনাৰকলি নামৰ এগৰাকী সাধাৰণ নৰ্তকীৰ মাজত হোৱা এটা প্ৰেমৰ সম্বন্ধৰ আঁত ধৰিয়েই এই কাহিনীটো লিখা হৈছে।
ৰোমিঅ’ আৰু জুলিয়েট
নাট্যকাৰ উইলিয়াম শ্বেইকছপীয়েৰে নাট্যৰূপ দি এই ঐতিহাসিক কাহিনীটো সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰি তুলিছিল। এই প্ৰেম কাহিনীটোৰ দুয়োগৰাকী নায়ক নায়িকাই তেওঁলোকৰ কৈশোৰতে পৰস্পৰে পৰস্পৰৰ প্ৰেমত পৰে, আৰু পাছত বিবাহপাশটো আবদ্ধ হয়। ৰোমিঅ’ আৰু জুলিয়েটৰ দুয়োটা পৰিয়ালৰ মাজত শত্ৰুতা থকা বাবে এই প্ৰেমৰ বান্ধোনত প্ৰাচীৰ হিচাপে থিয় দিয়ে। সকলো বাধাৰ সৈতে যুঁজি যুঁজি অৱশেষত ৰোমিঅ’ আৰু জুলিয়েটে কৰুণ মৃত্যুক সাৱটি লয়। দুয়োটি কিশোৰৰ কৰুণ মৃত্যুৱে দুয়োটা পৰিয়ালৰ শত্ৰুতাক বিনাশ কৰি প্ৰেমৰ বান্ধোনেৰে বান্ধ খাবলৈ অনুপ্ৰাণিত কৰে।
জংকী আৰু পানৈ
এই কাহিনীটো উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ “মিৰি জীয়ৰী” নামৰ বিখ্যাত অসমীয়া উপন্যাসৰ অন্তৰ্গত। অসমত এই প্ৰেম কাহিনীটো জনপ্ৰিয়।