9
২৪ ফেব্ৰুৱাৰী, ২০২৬ঃ পিতৃক গুলীয়াই হত্যা কৰিলে পুত্ৰই । টুকুৰা-টুকুৰ কৰি নীলা ড্ৰামত লুকুৱাই ৰাখিছিল পিতৃৰ মৃতদেহ । লক্ষ্ণৌত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ।

উল্লেখ্য যে প্রতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে পুত্ৰক হেঁচা প্ৰয়োগ কৰিছিল পিতৃয়ে । পিতা-পুত্ৰৰ মাজত হৈছিল কাজিয়াৰ সূত্রপাত । ২০ ফেব্ৰুৱাৰীত হোৱা কাজিয়াৰ ফলতেই পিতৃক হত্যা কৰিলে পুত্ৰই ।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল হত্যাকাণ্ডৰ সকলো তথ্য । অভিযুক্ত পুত্র অক্ষয় প্রতাপ সিং । পুত্র অক্ষয় প্রতাপ সিঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।