Thursday, August 27, 2026
Eng
Home » বহিঃৰাজ্যৰ পৰা অহা কেমিকেল যুক্ত পনীৰৰে ভৰিছে গুৱাহাটীৰ বজাৰ…

বহিঃৰাজ্যৰ পৰা অহা কেমিকেল যুক্ত পনীৰৰে ভৰিছে গুৱাহাটীৰ বজাৰ…

by Priyanka borah
0 comments

২৪ ফেব্ৰুৱাৰী, ২০২৬ঃ বহিঃৰাজ্যৰ পৰা অহা কেমিকেল যুক্ত পনীৰৰে ভৰিছে গুৱাহাটীৰ বজাৰ। তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে এই কেমিকেল মিশ্ৰিত পনীৰে ।

 

একাংশ বহিৰাগত লোকে নিতৌ ৰে’ল যোগে গুৱাহাটীৰ বজাৰত বিক্ৰীৰ বাবে আনিছে কেমিকেল মিশ্ৰিত পনীৰ। ৰে’ল আৰক্ষীৰ লগতে খাদ্য সুৰক্ষা বিভাগৰ একাংশ বিষয়াক মেনেজ কৰাৰ অভিযোগ।

বৰবিহ ৰূপি পনীৰৰ ৰমৰমীয়া বেহা চলাই আহিছে একাংশ দুস্কৃতিকাৰী ব্যৱসায়ীয়ে। কেমিকেল মিশ্ৰণ থকাৰ বাবে অতি কম মূল্যত বিক্ৰী কৰা হয় এই পনীৰ । যাৰ ফলত অসমৰ একাংশ থলুৱা ব্যৱসায়ী এতিয়া দুচিন্তাত ভুগিব লগীয়া হৈছে।

 

 

You may also like