১ মাৰ্চ, ২০২৬ঃ ইজৰাইলৰ ইতিহাসত সৰ্ববৃহৎ সৈন্য অভিযান । ২০০ খন ফাইটাৰ জেটেৰে আক্ৰমণ ইৰাণক । ইৰাণৰ ৰাজধানী তেহৰাণত ব্যাপক ক্ষয় ক্ষতি । ইৰাণৰ হৰমুজজান চহৰৰ ছাত্ৰী নিবাসত আক্ৰমণ।আমেৰিকা-ইজৰাইলৰ আক্ৰমণত ৮৮ গৰাকী ছাত্ৰীৰ মৃত্যু । ইৰাণে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে হৰমুজ ষ্ট্ৰেট । এই হৰমূজ ষ্ট্ৰেটৰ পৰাই বিশ্বৰ ২০% সাৰুৱা তেল আহে । হৰমূজ ষ্ট্ৰেটৰ বন্ধৰ পোনপটীয়া প্ৰভাৱ ভাৰতত পৰাৰ সম্ভৱনা । আকাশলংঘী মূল্যবৃদ্ধি হ’ব পাৰে ইন্ধন জাতীয় সমগ্ৰীৰ । ইৰাণে ঘাতক মিছাইলেৰে দিছে প্ৰত্যুত্তৰ ।
ইজৰাইলসহ ১১ খন দেশত আক্ৰমণ ইৰাণৰ । ইৰাণৰ আক্ৰমণত ধ্বংসস্তুপত পৰিণত কুৱেইট বিমান বন্দৰ । সম্পূৰ্ণৰূপে খালী কৰাই দিয়া হৈছে ডুবাইৰ বুৰ্জ খালিফাক । ডুবাই আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা । ডুবাই বিমান বন্দৰত আৱদ্ধ ভাৰতীয় বেডমিন্টন খেলুৱৈ পি ভি সিন্ধু । বাহৰেইন নেবল বেইছ, অল – অদেদ এয়াৰ বেছ কাটাৰত আক্ৰমণ ইৰাণৰ । অল – দফৰা এয়াৰ বেছ UAE, অল- ছালেম এয়াৰ বেছ, কুৱেইট ত আক্ৰমণ ।
মুবোপ্ফক এয়াৰ বেছ জৰ্ডান, ঈৰ্বিল বেছ, ইৰাকত আক্ৰমণ ইৰাণৰ । ইজৰাইলৰ তেল আভিব চহৰত ইৰাণী মিছাইল আক্ৰমণ । সমগ্ৰ ইজৰাইলত সক্ৰিয় কৰা হৈছে এয়াৰ ডিফেন্স ছিষ্টেম । ইৰাণৰ ছুপ্ৰিম খামেইনিক হত্যাৰ চেষ্টা অব্যাহত । ইজৰাইলৰ দাবী খামেইনিৰ ঠিকনা লাভ কৰিছে IDF- এ । ইৰাণৰ সৰ্বোচ্চ নেতা খামেইনীৰ বাসগৃহত আক্ৰমণ । আক্ৰমণত খামেইনিৰ জীয়ৰী আৰু জোৱায়েকৰ মৃত্যু । জৰ্ডান, বাহৰেইন, কাটাৰ,ওমান,UAE, ছৌদি আৰব আদি দেশত হাহাকাৰ পৰিস্থিতি ।
মিছাইলৰ পাছত ইৰানে ক্লাষ্টাৰ বোমাৰে আক্ৰমণৰ চলাইছে প্ৰস্তুতি। উল্লেখ ইজৰাইলী আক্ৰমণত ইতিপূৰ্বে মৃত্যু হৈছে ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ । ইৰাণৰ লামেৰ্ড চহৰত ইজৰাইলী আক্ৰমণ । ২০ গৰাকী মহিলা ভলীবল খেলুৱৈৰ মৃত্যু । ইৰাণৰ সৰ্বোচ্চ নেতা খামেইনিক হত্যা কৰাৰ দাবী ইজৰাইলৰ । খামেইনিৰ মৃত্যু হোৱাৰ দাবী ডনাল্ড ট্ৰাম্পৰো ।
UN ৰ জৰুৰী বৈঠক অব্যাহত, ওৰেটো নিশা মধ্য প্ৰাচ্যৰ দেশ সমূহত চলিল ইৰাণী মিছাইল আক্ৰমণ । ডুবাই আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত ইৰাণৰ মিছাইল আক্ৰমণ । ইজৰাইলৰ তেল আভিব ৰ কেইবাটাও জনবসতি পূৰ্ণ এলেকাত পৰিল ইৰাণী মিছাইল।