Home » প্ৰধানমন্ত্ৰীয়েও নাপাব ৰেহায়! মন্ত্ৰী-বিধায়ক, মুখ্যমন্ত্ৰী গভীৰ অপৰাধত অভিযুক্ত হ’লেই যাব পদ

প্ৰধানমন্ত্ৰীয়েও নাপাব ৰেহায়! মন্ত্ৰী-বিধায়ক, মুখ্যমন্ত্ৰী গভীৰ অপৰাধত অভিযুক্ত হ’লেই যাব পদ

আহি আছে নতুন আইন

by admin
0 comments

বুধবাৰে লোকসভাত ৩খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰিব কেন্দ্ৰীয় চৰকাৰে। এই বিধেয়কসমূহৰ উদ্দেশ্য হ’ল প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, কোনো এখন ৰাজ্যৰ মন্ত্ৰী মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন্ত্ৰীক যদি গুৰুতৰ অপৰাধমূলক গোচৰত গ্ৰেপ্তাৰ বা আটক কৰা হয়, তেন্তে তেওঁলোকক পদৰ পৰা অপসাৰণ কৰাৰ ব্যৱস্থা থাকিব। দৰাচলতে বৰ্তমানৰ আইনসমূহত এনে কোনো গুৰুত্বপূৰ্ণ প্ৰাৱধান বা ব্যৱস্থা নাই যে গ্ৰেপ্তাৰ বা ন্যায়িক জিম্মাত থকা অৱস্থাত এনে নেতাক পদৰ পৰা অপসাৰণ কৰিব পৰা যায়। এই অভাৱ দূৰ কৰিবলৈ চৰকাৰে এই তিনিখন বিধেয়ক প্ৰস্তুত কৰিছে।

বুধবাৰে কেন্দ্ৰীয় চৰকাৰে যিকেইখন বিধেয়ক উত্থাপন কৰিবলৈ সাজু হৈছে সেইবোৰৰ ভিতৰত আছে কেন্দ্ৰীয় শাসিত অঞ্চল (সংশোধনী) বিধেয়ক, ২০২৫, সংবিধান (১৩০ সংশোধনী) বিধেয়ক, ২০২৫, জম্মু কাশ্মীৰ পুনৰগঠন (সংশোধনী) বিধেয়ক, ২০২৫। আনহাতে বিধেয়কসমূহৰ সন্দৰ্ভত কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে। বিৰোধী দলক অস্থিৰ কৰিবলৈ বিজেপি চৰকাৰে এই নতুন আইনখন আনিছে বুলি অভিযোগ কংগ্ৰেছৰ। কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে যে বিজেপি চৰকাৰে এই বিধেয়কসমূহৰ জৰিয়তে বিৰোধী দলৰ মুখ্যমন্ত্ৰীক লক্ষ্য কৰি ল’ব বিচাৰিছে। কংগ্ৰেছৰ মুখপাত্ৰ তথা জ্যেষ্ঠ নেতা অভিষেক মনু সিংভীয়ে কয় যে বিজেপিয়ে বিৰোধী দলক দুৰ্বল কৰাৰ বাবে আইনৰ অপব্যৱহাৰ কৰিছে। কেন্দ্ৰীয় চৰকাৰে বিৰোধী নেতাসকলক স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ কৰি তাৰ পিছত নতুন আইনৰ অধীনত ততাতৈয়াকৈ পদৰ পৰা অপসাৰণ কৰাৰ পৰিকল্পনা কৰিছে। ‘এয়া কেনেধৰণৰ ৰাজনীতি য’ত কোনো সুদৃঢ় ভিত্তি নোহোৱাকৈ গ্ৰেপ্তাৰ কৰা হয় আৰু গ্ৰেপ্তাৰ হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীক পদৰ পৰা অপসাৰণ কৰা হয়? তেওঁ ইয়াক অবৈধ, অসাংবিধানিক আৰু গণতন্ত্ৰবিৰোধী বুলি অভিহিত কৰে। শাসকীয় দলৰ কোনো মুখ্যমন্ত্রী এনে আইনৰ আওতালৈ নাহে, কিন্তু বিৰোধী মুখ্যমন্ত্রীক লক্ষ্য কৰি লোৱা হ’ব৷ এইটো স্পষ্টভাৱে ক্ষমতাৰ অপব্যৱহাৰ।

You may also like