Sunday, February 15, 2026
Eng
Home » গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষাৰ ফলাফল ঘোষণা …

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষাৰ ফলাফল ঘোষণা …

by admin
0 comments

২৩ ডিচেম্বৰ, ২০২৫ঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষাকেন্দ্ৰৰ দ্বাৰা পৰিচালিত স্নাতকোত্তৰ কলা, বাণিজ্য আৰু বিজ্ঞান প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ ষান্মাসিক ২০২৫ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। মুঠ ৬ টা বিষয়ত অনুষ্ঠিত পৰীক্ষাৰ প্ৰথম ষান্মাসিক ৬০ʼ৮৫%, দ্বিতীয় ষান্মাসিকত ৭২ʼ৮৩% তৃতীয় ৮৮ʼ৩৩% আৰু চতুৰ্থ ষান্মাসিকত ৮০ʼ২৪% শিক্ষাৰ্থী উত্তীৰ্ণ হয়।

শিক্ষাৰ্থীসকলৰ কাৰণে সুখবৰ এয়ে যে উক্ত পৰীক্ষাসমূহৰ ফলাফল মাত্ৰ ১৪ দিনৰ ভিতৰত দিয়া হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, দূৰ শিক্ষা সঞ্চালকালয় আৰু পৰীক্ষা নিয়ন্ত্ৰকৰ এই যোগাত্মক পদক্ষেপ আৰু শিক্ষাৰ্থীসকলৰ স্বাৰ্থৰ প্ৰতি প্ৰদৰ্শন কৰা দায়বদ্ধতাৰ বাবে ছাত্ৰ সমাজে শলাগ লৈছে।

অভিলেখ সংখ্যক কম দিনত এক নিৰ্ভুল আৰু শিক্ষাৰ্থীসহায়ক ফলাফল প্ৰকাশৰ সফলতাৰ ক্ষেত্ৰত মূল্যায়নকাৰী শিক্ষকবৃন্দৰ লগতে সংশ্লিষ্ট সকলোকে গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু অনলাইন শিক্ষাকেন্দ্ৰৰ সঞ্চালক ড০ দেৱহৰি তালুকদাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

You may also like