Home » নিৰ্বাচনলৈ মাজত মাথোঁন কেইটামান মাহ, কাৰ দখললৈ যাব টীয়ক সমষ্টি?

নিৰ্বাচনলৈ মাজত মাথোঁন কেইটামান মাহ, কাৰ দখললৈ যাব টীয়ক সমষ্টি?

by admin
0 comments

২৭ ডিচেম্বৰ, ২০২৫ঃ নিৰ্বাচনলৈ মাজত মাথোঁন কেইটামান মাহ। বিজেপিৰ দখললৈ যোৱাৰ প্ৰায় নিশ্চিত হৈছে টীয়ক সমষ্টি! ১০২ নং টীয়ক বিধানসভা সমষ্টিত এইবাৰ বহু কেইখন নতুন মুখে দেখা দিছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কোৱাৰ দৰে “খেলা হ’বে” কথাষাৰেই প্ৰতিপন্ন হ’বলৈ গৈ আছে টীয়কত। নিকা ভাৱমূৰ্তি ও দলৰ প্ৰতি ত্যাগ কৰা,দলৰ সংকটৰ সময়ত ডলাৰ বাগৰিত পৰিণত নোহোৱা জিতু হাজৰিকাই এইবাৰ অ প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিব টীয়ক সমষ্টিত। ১৯৯৬ চনৰ পৰা গেৰুৱা দলটোৰ হৈ কাম কৰা জিতু হাজৰিকাই দলীয় কৰ্মীসকলৰ পছন্দৰ প্ৰাৰ্থী বুলিও বিশ্বস্ত লোকে জানিবলৈ দিছে। ইফালে এ আই ডী চিৰ অধ্যক্ষ আৰু অসম ফুটবল সংস্থাৰ উপ সভাপতি শান্তনু পূজাৰীয়ে টীয়ক সমষ্টিৰ টিকেটৰ দাবীদাৰ যদিও মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই জিলা সভাপতি সকলক নিৰ্দেশনা দিছিল যে যিসকল প্ৰাৰ্থিত্ব বিচাৰিব তেখেতসকলে উক্ত জিলা সভাপতি পদত বাহাল থাকিব নোৱাৰিব,কিন্তু প্ৰায় ৪৫ দিন উকলি যোৱাৰ পিছতো শান্তনু পূজাৰীয়ে পদত্যাগ নকৰাত তেখেত নিজেই উক্ত দৌৰৰ পৰা আঁতৰি গৈছে বুলি প্ৰতিপন্ন হৈছে।

ইফালে ব্যৱসায়ী ও প্ৰবীণ বেজেপি কৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে টীয়ক সমষ্টিত নিৰ্বাচনী কুছ-কাৱাজ আৰম্ভ কৰিছে যদিও তেখেতৰ লগত দলীয় কৰ্মীসকলৰ যোগাযোগ গভীৰভাৱে দেখিবলৈ পোৱা নাই। ইফালে কংগ্ৰেছ দলৰ প্ৰাৰ্থী পল্লৱী গগৈ ডাঙৰীয়ানীয়েও ভিতৰুৱা অঞ্চলৰ লোকসকলৰ লগত নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ এক কুছ-কাৱাজ আৰম্ভ কৰিছে। ইফালে ৰেনুপমা ৰাজখোৱাৰ শাৰীৰিক অৱস্থা ও বয়স্কতাই বাধা দিয়া হেতু এইবাৰ টীয়ক সমষ্টিত হ’ব এখন ৰণ। ইফালে সমষ্টি নতুনকৈ গঠন হোৱাৰ পিছত প্ৰদীপ হাজৰিকাই টীয়ক সমষ্টিত নিৰ্বাচন খেলি সমষ্টিটো অগপৰ হাততে ৰাখিবলৈ বিচাৰিছে যদিও বিশ্বাসী সূত্ৰই জনোৱা মতে,নিজ সমষ্টিত বিশেষ উন্নয়নৰ উল্লেখনীয় কাম নকৰাৰ হেতু দলৰ প্ৰতীকী চিহ্ন ব্যৱহাৰ কৰিয়েই টীয়কৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ নিৰ্বাচিত হৈ যাব বিচাৰিছে, কিয়নো টীয়কত বহু লোক অগপৰ সমৰ্থনত এতিয়াও আছে।

You may also like

Leave a Comment