জ্বলিছে কাৰ্বিভূমি
পশ্চিম কাৰ্বি আংলং উত্তপ্ত হৈ পৰিছে। অনশনৰত প্ৰতিবাদকাৰীক উঠাই নিয়াক কেন্দ্ৰ কৰি হিংসাত্মক ৰূপ লৈছে প্ৰতিবাদী জনতাই। সোমবাৰে চলা প্ৰতিবাদত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হ’ল। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হোৱাৰ ফলত কেইবাজনো প্ৰতিবাদকাৰী আৰু আৰক্ষী আঘাতপ্ৰাপ্ত হৈছে। বিগত ১৫ দিন ধৰি চলা আন্দোলন ভয়াৱহ ৰূপ ল’লে সোমবাৰে। কেৱল মাত্ৰ অনশনতে ক্ষান্ত নাথাকিল প্ৰতিবাদকাৰীসকল। পথ অৱৰোধ কৰি স্তব্ধ কৰিলে যাতায়ত সেৱা। খেৰণিত হোৱা প্ৰতিবাদ পৰৱৰ্তী সময়ত পালেগৈ ডংকামোকাম। পৰিস্থিতি অধিক অৱনতি ঘটাত আৰক্ষীয়ে কৰিছিল লাঠীচাৰ্জ। আৰক্ষীৰ লাঠীচাৰ্জ আৰু গুলীচালনাৰ পিছতেই অধিক হিংসাত্মক ৰূপ ল’লে প্ৰতিবাদকাৰীয়ে। পৰৱৰ্তী সময়ত হিংসাত্মক ৰূপ লোৱা প্ৰতিবাদাৰীয়ে জ্বলাই দিলে ডংকামোকামত থকা কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙৰ বাসগৃহও। অগ্নিসংযোগৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰ্বি আংলঙত । স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে পশ্চিম কাৰ্বি আংলঙত । পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ আশংকাত হাই এলাৰ্টত আছে আৰক্ষী নিৰাপত্তাৰক্ষী। শেহতীয়াকৈ সন্ধিয়াৰ ভাগত কোনো লোকে জ্বলাই দিলে খেৰণিত থকা কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান।
এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কাৰণ হৈছে কাৰ্বি আংলংবাসীৰ কেইবাটাও দাবী। আগ্ৰাসনৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ বহিঃপ্ৰকাশ। উল্লেখযোগ্য যে কাৰ্বিভূমিত অনা কাৰ্বি লোকৰ আগ্ৰাসনৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কাৰ্বি আংলঙৰ থলুৱা লোকসকলে। তেওঁলোকৰ দাবী অবৈধভাৱে কাৰ্বিভূমি দখল কৰা বেদখলকাৰীক শীঘ্ৰেই উচ্ছেদ চলোৱাৰ বাবে বাৰম্বাৰ আহ্বান জনাইছিল কাৰ্বি আংলং প্ৰশাসনক। ৰাইজৰ দাবী আৰু আহ্বাৰ প্ৰতি সহাঁৰি জনাই তুলিৰাম প্ৰশাসনে উচ্ছেদ চলাব বুলি আশ্বাস প্ৰদান কৰিছিল। ইফালে উচ্ছেদৰ সমগ্ৰ বিষয় আইনত বিচাৰাধীন হৈ থকাৰ বাবে স্থগিত হৈ আছে উচ্ছেদ অভিযান। আইন অনুসৰি উচ্ছেদৰ বিষয়টো হৈ থকাৰ বাবে ৰাইজক দিয়া আশ্বাস পূৰণ কৰিব পৰা নাই কাৰ্বি আংলং চৰকাৰে। আনহাতে সময় যিমানেই দিঘলীয়া হৈ গৈ আছে সিমানেও বেছি অতিষ্ঠ হৈ পৰিছে কাৰ্বি আংলঙৰ ভূমিপুত্ৰসকল। তাৰেই পৰিণতিত আজি ১৫ টা দিনৰো অধিক সময় ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কাৰ্বি আংলঙৰ জনতাই। শীঘ্ৰেই বেদখলকাৰীক উচ্ছেদ চলাবলৈ দাবী জনাই আহিছে থলুৱা লোকসকলে।
শেহতীয়াকৈ অনশন কাৰ্যসূচীত ভাগ লোৱা কেইবাজনো প্ৰতিবাদকাৰী অসুষ্ঠ হৈ পৰাত স্বাস্থ্যৰ অৱনতি ঘটা বুলি সদৰী কৰিছে কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙে। কিন্তু প্ৰতিবাদকাৰীক তলাব কোনে? প্ৰতিবাদৰ মাজত অসুস্থ হোৱা প্ৰতিবাদকাৰীক আৰক্ষীৰ উঠাই নিয়াৰ পিছতে জংগী ৰূপ ল’লে প্ৰতিবাদে। যাৰ ফলশ্ৰুতিত তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টিৰ ডংকামোকামলৈ ৰাওনা হৈ ডংকামোকামস্থিত ৰংহাঙৰ পিতৃ গৃহত অগ্নিসংযোগ কৰিলে একাংশ জনতাই Iযাৰ প্ৰতিবাদকাৰীৰ অভিযোগ যে- প্ৰতিবাদস্থলীৰ পৰা উঠাই লৈ যোৱা প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিবৰ ষড়যন্ত্ৰ চলাইছে চৰকাৰে। আনহাতে প্ৰতিবাদকাৰীৰ অভিযোগ পোনচাটে নাকচ কৰিছে তুলিৰাম ৰংহাঙে। গ্ৰেপ্তাৰ কৰিবলৈ নহয়, অসুস্থ হোৱা প্ৰতিবাদকাৰীক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়া হৈছে বুলি মন্তব্য প্ৰদান কৰিছে CEM গৰাকীয়ে।
যিয়েই নহওঁক, পশ্চিম কাৰ্বি আংলঙৰ এনে পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে চৰকাৰ, প্ৰশাসন। কিয়নো কাৰ্বি আংলং বাসীৰ দিৰ্ঘদিনীয়া দাবী পুৰণ নকৰাৰ অভিযোগত বিগত দুটা দিনত যিটো পৰিস্থিতিৰ উদ্ভৱ হৈছে। সেই পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাত যথেষ্ঠ জটিলতাই দেখা দিব কাৰ্বি প্ৰশাসনৰ আগত। কিয়নো কাৰ্বি আংলংবাসীৰ বাবে এয়া হৈছে জাতি মাটি ভেটিৰ যুঁজ।