Monday, February 16, 2026
Eng
Home » দূষিত পানীৰ বাবে ৮ জন লোকৰ মৃত্যু, ১৪৯ জনতকৈ অধিক লোকৰ অৱস্থা সংকটজনক…

দূষিত পানীৰ বাবে ৮ জন লোকৰ মৃত্যু, ১৪৯ জনতকৈ অধিক লোকৰ অৱস্থা সংকটজনক…

by Priyanka borah
0 comments

২ জানুৱাৰী, ২০২৬ঃ দূষিত পানীৰ বাবে ৮ জনকৈ লোক মৃত্যুমুখত পৰিছে। ১৪৯ জনতকৈ অধিক লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ঘটনা সংঘটিত হৈছে ইন্দোৰত । ইন্দোৰৰ ভাগীৰথপুৰাৰ দৃশ্য –

‘আমি বহু দিন ধৰি লেতেৰা পানীৰ অভিযোগ কৰি আহিছিলো, কিন্তু কোনেও শুনা নাছিল। মোৰ কন্যা কনক লস্কৰী (১৫) চিকিৎসালয়ত ভৰ্তি হৈ আছে। শেহতীয়াকৈ মোৰ ৯৩ বছৰীয়া মা অসুস্থ হৈ পৰিছিল। চিকিৎসা কৰা হৈছে আৰু এতিয়া ভালেই আছে।’ ইন্দোৰৰ বাসিন্দা গব্বৰ লস্কৰীয়ে সন্মুখীন হোৱা সংগ্ৰামৰ বিষয়ে এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আগত শ্বেয়াৰ কৰে ।

লস্কৰীয়ে লগতে কয়, ‘এতিয়া আমি পানী খোৱাৰ বাবে আৰু অন্যান্য ব্যৱহাৰৰ বাবে কিনি লওঁ। চৰকাৰী ব’ৰৱেলৰ পৰা পানী লওঁ। পৌৰ নিগমৰ টেংকাৰে খোৱাপানী যোগান ধৰিছে যদিও আমি এতিয়া ইয়াক পান কৰিবলৈ ভয় খাইছো। আমি আৰু বিশ্বাস নকৰো। উন্নয়নৰ নামত ধ্বংস কৰা হৈছে।’

“বাসিন্দাসকল অসুস্থ হোৱাৰ পিছৰে পৰা প্ৰতিদিনে পুৱা টেংকাৰৰ জৰিয়তে নৰ্মাদাৰ পানী যোগান ধৰা হৈছে। ‘মানুহ ভয় খাইছিল, সেয়েহে আমি আন এটা টেংকাৰৰ পৰা পানীৰ ব্যৱস্থা কৰি যোগান ধৰিছোঁ। মানুহৰ আস্থা ঘূৰি আহিবলৈ সময় লাগিব।’ ৱাঘেলাই লগতে কয় যে অঞ্চলটোৰ নিষ্কাশন আৰু পানীৰ পাইপলাইনত বিসংগতি আছে ।” কাউন্সিলাৰ কমল ৱাঘেলাই মন্তব্য কৰে।

You may also like