Home » গ্ৰেপ্তাৰ হ’ব মেচ ফিক্সিঙৰ অভিযোগ উঠা অসমৰ ৪ ক্ৰিকেটাৰ! ৪ অভিযুক্তলৈ ক্ৰাইম ব্ৰাঞ্চে দ্বিতীয়বাৰলৈ প্ৰেৰণ কৰিলে জাননী

গ্ৰেপ্তাৰ হ’ব মেচ ফিক্সিঙৰ অভিযোগ উঠা অসমৰ ৪ ক্ৰিকেটাৰ! ৪ অভিযুক্তলৈ ক্ৰাইম ব্ৰাঞ্চে দ্বিতীয়বাৰলৈ প্ৰেৰণ কৰিলে জাননী

by Priyanka borah
0 comments

২ জানুৱাৰী, ২০২৬ঃ যিকোনো মূহুৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে মেচ ফিক্সিঙৰ অভিযোগ উঠা অসমৰ ৪ ক্ৰিকেটাৰ । ক্ৰাইম ব্ৰাঞ্চে দ্বিতীয়বাৰলৈ জাননী প্ৰেৰণ কৰিলে চাৰি অভিযুক্তক । পূৰ্বেও ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ’বলৈ ৪ অভিযুক্তক জাননী দিছিল আৰক্ষীয়ে । কিন্তু জাননী লাভ কৰাৰ পিছতো চাৰি অভিযুক্তই হাজিৰ হোৱা নাছিল ক্ৰাইম ব্ৰাঞ্চত।

গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চে ৪ ক্ৰিকেটাৰ বিৰুদ্ধে ১২/২৫ ৰুজু কৰিছে গোচৰ। অমিত সিনহা, ঈশান আহমেদ, অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰীয়া বিৰুদ্ধে ৰুজু কৰিছে গোচৰ । মেচ ফিক্সিং কৰাৰ অভিযোগ উঠিছিল এই ৪ ক্ৰিকেটাৰ বিৰুদ্ধে।

দুৰ্নীতিৰ অভিযোগত ৪ ক্ৰিকেটাৰক নিলম্বন কৰিছিল অসম ক্ৰিকেট সন্থাই । মুস্তাক আলী ট্ৰফীত অসমৰ একাংশ খেলুৱৈক প্ৰভাৱিত কৰাৰ অভিযোগ। ক্ৰাইম ব্ৰাঞ্চত ক্ৰিকেটাৰ কেইগৰাকীৰ বিৰুদ্ধে ACA য়ে দাখিল কৰিছিল এজাহাৰ । এই এজাহাৰ ভিত্তিতে ক্ৰাইম ব্ৰাঞ্চে BNSৰ ৩১৬/৩১৮/৬৮ ধাৰা সন্নিবিষ্ট কৰি ৰুজু কৰিছিল গোচৰ।

পিছে গোচৰ ৰুজু হোৱাৰ পিছতেই অসম এৰি পলায়ন কৰিছিল চাৰি অভিযুক্তই। চাৰি অভিযুক্তৰ সন্ধানত ক্ৰাইম ব্ৰাঞ্চে অব্যাহত ৰাখিছে অনুসন্ধান। অভিযুক্তকেইজনৰ ল’কেশ্যন লাভ কৰিলেই ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিব তেওঁলোকক।

You may also like

Leave a Comment