Saturday, January 17, 2026
Eng
Home » বাবা ভাংগাৰ ২০২৬বৰ্ষক লৈ ডাঙৰ সতর্কবাণী! বিশ্বযুদ্ধ, মহাবিপর্যয় আৰু AIৰ সংকট…

বাবা ভাংগাৰ ২০২৬বৰ্ষক লৈ ডাঙৰ সতর্কবাণী! বিশ্বযুদ্ধ, মহাবিপর্যয় আৰু AIৰ সংকট…

by Priyanka borah
0 comments

২ জানুৱাৰী, ২০২৬ঃ বাবা ভাংগাৰ ভৱিষ্যদ্বাণীয়ে উদ্বেগ সৃষ্টি কৰিছে সকলোৰে মনত । পূৰ্বৰ ভৱিষ্যদ্বাণী সঁচা হোৱাত নৱবৰ্ষৰ ভৱিষ্যদ্বাণীই মানুহৰ মাজত উদ্বেগ সৃষ্টি কৰিছে।

বান্ধনৰ নষ্ট্রাডামাছ নামেৰে পৰিচিত বাবা ভাংগাই ২০২৬ চনৰ বাবে কৰা ভৱিষ্যদ্বাণী সামাজিক মাধ্যমত দ্রুতগতিত ভাইৰেল হৈ পৰিছে। জন্মৰ পৰাই অন্ধ হৈ পৰা এই বুলগেৰিয়ান ভৱিষ্যদ্বাণীত সমগ্ৰ বিশ্বৰ মানুহে বিশ্বাস কৰে। কোৱা হয় যে তেওঁ ৯/১১ৰ সন্ত্রাসবাদী আক্রমণ আৰু বাৰাক ওবামাৰ জয়ৰ বহু আগতেই ভৱিষ্যদ্বাণী কৰিছিল। ২০২৬ চনৰ নৱবৰ্ষৰ বাবে বাবা ভংগাৰ ভৱিষ্যদ্বাণীই সঠিকভাৱে কি সূচায়, জানো আহক-

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী অনুসৰি কৃত্রিম বুদ্ধিমত্তাৰ (AI) শক্তি ইমানেই বৃদ্ধি পাব যে ই মানুহৰ নিয়ন্ত্ৰণৰ পৰিসৰৰ বাহিৰলৈ গৈ নিজাববীয়াকৈ সিদ্ধান্ত ল’বলৈ আৰম্ভ কৰিব। ইয়াৰ প্ৰভাৱ কেৱল উদ্যোগসমূহতেই নহয়, আমাৰ দৈনন্দিন জীৱনতো পৰিব। এই পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাটো হয়তো মানুহৰ সামর্থ্যৰ বাহিৰত। ভৱিষ্যতৰ বাবে এয়া এক ডাঙৰ প্ৰত্যাহ্বান হ’ব পাৰে।

বাবা ভেংগাৰ ভৱিষ্যদ্বাণী অনুসৰি বিশ্বৰ পূব প্ৰান্তত ভূ-ৰাজনৈতিক উত্তেজনা ডাঙৰ যুদ্ধলৈ পৰিণত হ’ব পাৰে। এই যুদ্ধৰ প্ৰভাৱে পশ্চিমৰ দেশসমূহকো প্ৰভাৱিত কৰিব পাৰে আৰু ব্যাপক ক্ষতি হোৱাৰ সম্ভাৱনা আছে। এই সংঘাতে বিশ্ব শক্তিৰ ভাৰসাম্য সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। অৱশ্যে ৰাছিয়াৰ কোনো ডাঙৰ নেতাই পৰিস্থিতি নিয়ন্ত্রণলৈ আনিব পাৰে বুলিও ইংগিত পোৱা গৈছে ।

বাবা ভাংগাই ২০২৬ চনত বিশ্বই কিছুমান অতি ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ’ব পাৰে বুলিও ভৱিষ্যদ্বাণী কৰিছে। ইয়াৰ পৰা পৰিৱেশ সংকট, জলবায়ু পৰিৱৰ্তন, প্রচণ্ড বৰষুণ, খৰাং, ভূমিকম্পৰ ফলত বানপানীৰ আশংকা আদি পৰিঘটনাৰ ইংগিত পোৱা গৈছে।

বাবা ভেংগাৰ ভৱিষ্যদ্বাণী অনুসৰি চীনৰ দৰে এখন দেশ অধিক শক্তিশালী দেশ হিচাপে আত্মপ্রকাশ কৰাৰ ইংগিত পোৱা গৈছে। এই ভৱিষ্যদ্বাণী অনুসৰি ২০২৬ চনত চীনৰ দৰে দেশৰ প্ৰভাৱ অধিক শক্তিশালী হ’ব পাৰে। কিন্তু একে সময়তে এই অঞ্চলত সম্ভাব্য বিবাদ আৰু সংঘাতৰ পৰিস্থিতিও আহিব পাৰে। ইয়াৰ বাহিৰেও টাইৱান আৰু দক্ষিণ চীনে কিছুমান গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

ভৱিষ্যদ্বাণী অনুসৰি ৰাছিয়াত কোনো নতুন নেতাই ক্ষমতালৈ উঠিব পাৰে। ৰাছিয়াৰ এজন শক্তিশালী নেতাই হয়তো সমগ্র বিশ্বতে আধিপত্য বিস্তাৰ কৰিব। যুদ্ধ আৰু ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ সময়ত এই নেতাই হয়তো যথেষ্ট স্বীকৃতি আৰু গুৰুত্ব লাভ কৰিব। বিশেষকৈ বাবা ভেংগাৰ পূৰ্বৰ কিছুমান ভৱিষ্যদ্বাণী সঁচা হৈ পৰাৰ বাবে এইবাৰৰ ভৱিষ্যদ্বাণীক লৈ মানুহ চিন্তিত।

You may also like

Leave a Comment