৩ জানুৱাৰী, ২০২৬ঃ গুৱাহাটী মহানগৰীত শুকুৰবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত বলিউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী আৰু পত্নী ৰূপালী বৰুৱা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

শুকুৰবাৰে মাজনিশা জু ৰোডৰ ‘The Guwahati Address’ নামৰ হোটেলখনৰ সন্মুখত সংঘটিত হয় ভয়ংকৰ ঘটনাটো। দুৰ্ঘটনাটোত বলীউডৰ বিখ্যাত অভিনেতা তথা অসমৰ জোঁৱাই আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী ৰূপালী বৰুৱা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

দিছ্পুৰ দিশৰ পৰা আহি থকা তীব্ৰবেগী AS 01 DY 5061 নম্বৰৰ এভেঞ্জাৰ বাইকখনে তীব্ৰ বেগেৰে আহি খুন্দা মাৰে অভিনেতাগৰাকী আৰু তেওঁৰ পত্নীক। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক চালকজন আৰু আঘাতপ্ৰাপ্ত হয় আশিস বিদ্যাৰ্থীসহ পত্নী ৰূপালী বৰুৱা।

আঘাতপ্ৰাপ্ত বাইক আৰোহীজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। আশিস বিদ্যাৰ্থীয়ে ভৰিত আঘাত পাইছে যদিও তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। আশিস বিদ্যাৰ্থী আৰু পত্নী বৰ্তমান গুৱাহাটীৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছে।
