Wednesday, January 14, 2026
Eng
Home » IPLত এইবাৰ নিষিদ্ধ বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমান, BCCIৰ ডাঙৰ সিদ্ধান্ত…

IPLত এইবাৰ নিষিদ্ধ বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমান, BCCIৰ ডাঙৰ সিদ্ধান্ত…

ভাৰত-বাংলাদেশৰ অৱনমিত সম্পৰ্কৰ প্ৰভাৱ ক্ৰিকেট জগতত

by Priyanka borah
0 comments

৩ জানুৱাৰী, ২০২৬ঃ IPLত নিষিদ্ধ বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমান । BCCIৰ সচিব দেৱজিত শইকীয়াই জাৰি কৰিছে নিৰ্দেশনা । BCCIৰ এই সিদ্ধান্ত KKRৰ বাবে এক ডাঙৰ বিপৰ্যয়। ভাৰত-বাংলাদেশৰ অৱনমিত সম্পৰ্কৰ প্ৰভাৱ ক্ৰিকেট জগতত । মুস্তাফিজুৰ ৰহমানক KKR-এ ৯.২০ কোটি টকাত মূল্যত ক্ৰয় কৰিছিল। বিষয়টোক লৈ শেহতীয়াকৈ সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ। হিন্দুক নিৰ্যাতনকাৰী দেশৰ খেলুৱৈক IPLত সুযোগ দিয়াক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ। অৱশেষত মুস্তাফিজুৰক ৰিলিজ কৰাৰ নিৰ্দেশ BCCI সচিবৰ ।

শ্বাহৰুখ খানৰ মালিকানাধীন আইপিএল ফ্ৰেঞ্চাইজি KKRৰ পৰা মুস্তাফিজুৰ ৰহমানক আঁতৰোৱাৰ নিৰ্দেশ দিছে ব’ৰ্ডে। বাংলাদেশত হিন্দুসকলৰ বিৰুদ্ধে হোৱা হিংসাত্মক পৰিস্থিতিৰ পাছতে ভাৰতৰ কেইবাটাও সংগঠনে মুস্তাফিজুৰ ৰহমানে আগন্তুক IPL ছিজনত খেলিব নোৱৰাৰ লগতে KKR দলৰ পৰা আঁতৰাই দিয়াৰ দাবী জনাইছিল।

শনিবাৰে BCCIৰ সচিব দেৱজিৎ শইকীয়াই কয় যে, ‘‘শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআই-এ ফ্ৰেঞ্চাইজি কেকেআৰক বাংলাদেশৰ খেলুৱৈ মুস্তাফিজুৰ ৰহমানক নিজৰ দলৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে আৰু লগতে কয় যে যদি তেওঁলোকে আন খেলুৱৈক দাবী কৰে তেন্তে BCCI-এ সেই সলনিৰ বাবে অনুমতি দিব।’ BCCIৰ সচিব দেৱজিৎ শইকীয়াই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

Bangladesh fast-bowler Mustafizur Rahman. (AFP Photo)

শেহতীয়াকৈ বাংলাদেশত কেইবাজনো হিন্দুলোকক হত্যা কৰিছিল। সমগ্ৰ ঘটনাত ভাৰতীয়সকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে ভাৰতত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছে। বাংলাদেশৰ পৰা ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ফটো আৰু ভিডিঅ’ই ভাৰতীয়সকলক ক্ষুব্ধ কৰি তুলিছিল। কেইবাটাও সংগঠনে আই পি এল ২০২৬ৰ পৰা বাংলাদেশী খেলুৱৈক আঁতৰোৱাৰ দাবী উত্থাপন কৰে। তেওঁলোকে যুক্তি দিছিল যে যেতিয়া বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ চলি আছে, তেতিয়া তেওঁলোকৰ খেলুৱৈয়ে ভাৰতলৈ কেনেকৈ খেলিবলৈ আহিব পাৰে? সেয়েহে IPLত নিষিদ্ধ বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমান ।

You may also like

Leave a Comment