Thursday, January 15, 2026
Eng
Home » তামাৰহাটত ১০ বছৰীয়া কিশোৰীৰ সৈতে অপকৰ্ম, পলায়ন পাষণ্ড আফজাল আলী…

তামাৰহাটত ১০ বছৰীয়া কিশোৰীৰ সৈতে অপকৰ্ম, পলায়ন পাষণ্ড আফজাল আলী…

by admin
0 comments

৩ জানুৱাৰী, ২০২৬ঃ পুনৰ তামাৰহাটত সংঘটিত হৈছে জঘন্য ঘটনা । ১০ বছৰীয়া কিশোৰীক শাৰিৰীক নিৰ্যাতন আফজাল আলী নামৰ এজনৰ । পঞ্চম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক শাৰিৰীক নিৰ্যাতন কৰি পলায়ন আফজাল আলীৰ ।

১ জানুৱাৰীৰ নিশা সংঘটিত হয় এই জঘন্য ঘটনা। পিকনিকত খেলি থকাৰ সময়ত বিল্ডিঙৰ ছিৰিৰ পৰা পৰি যায় কিশোৰীগৰাকী। শুশ্ৰুষা কৰাৰ চলেৰে কিশোৰীক ঘৰৰ ভিতৰলৈ লৈ গৈ অপকৰ্মৰ সংঘটিত কৰে আফজাল আলীয়ে।

বৰ্তমান পলাতক অৱস্থাত অভিযুক্ত আফজাল আলী । তামাৰহাট থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে ভুক্তভোগীৰ পৰিয়ালৰ লোকে। এজাহাৰ দিয়াৰ পিছতো তামাৰহাট আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চেপা উত্তেজনা।

সৰ্বত্ৰে আফজালৰ ফাঁচী বিচাৰি মুখ্যমন্ত্ৰী তথা ধুবুৰী আৰক্ষী অধীক্ষকলৈ আহ্বান। ২৪ ঘন্টাৰ ভিতৰত আৰক্ষীয়ে ধৰ্ষণকাৰী আফজাল গ্ৰেপ্তাৰৰ দাবী অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ। আফজালক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছু‌ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ ৰায়ৰ।

 

 

You may also like

Leave a Comment