Monday, February 16, 2026
Eng
Home » কেন্দ্ৰীয় ৰে’ল বিভাগে দিলে ডাঙৰ খবৰ, কামাখ্যালৈ আগবঢ়ালে বিশেষ ৰে’ল…

কেন্দ্ৰীয় ৰে’ল বিভাগে দিলে ডাঙৰ খবৰ, কামাখ্যালৈ আগবঢ়ালে বিশেষ ৰে’ল…

by Priyanka borah
0 comments

৩ জানুৱাৰী, ২০২৬ঃ কেন্দ্ৰীয় ৰে’ল বিভাগে দিলে ডাঙৰ খবৰ। কামাখ্যালৈ আগবঢ়ালে বিশেষ ৰে’ল। বন্দে ভাৰত নামৰ ৰে’লখন আগবঢ়াই কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় তথ্য সম্প্ৰচাৰ তথা প্ৰযুক্তিৰ লগতে ইলেকট্ৰ’নিক্স বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰে এই কথা।

চলিত বৰ্ষৰ জানুৱাৰী মাহতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰিব উক্ত ৰে’ল সেৱাৰ। এই ৰে’ল সেৱাৰ জৰিয়তে যথেষ্ট উপকৃত হ’ব কামাখ্যা ধামলৈ অহা যাত্ৰী সকল। লগতে কামাখ্যা দেৱোত্তৰ ব’ৰ্ডেও আদৰণি জনালে এই বিশেষ ৰে’ল সেৱাক।

মন্দিৰৰ মুখ্য দলৈ কবিন্দ প্ৰসাদ শৰ্মাই আগবঢ়াই মন্তব্য। উক্ত ৰে’ল সেৱা তথা আহিবলগীয়া ভক্তক মা কামাখ্যা ধামলৈ আদৰণি জনালে মুখ্য দলৈয়ে।

You may also like