৩ জানুৱাৰী, ২০২৬ঃ ছিপাঝাৰৰ বৰদৌলগুৰিত আজৱ কাণ্ড। এখন চলন্ত যাত্ৰীবাহী বাছৰ পৰা গতিয়াই পেলাই থৈ গ’ল এগৰাকী মহিলাক। মঙলদৈৰ পৰা গুৱাহাটী অভিমুখী আছিল যাত্ৰীবাহী বাছখন।

চলন্ত অৱস্থাতেই বাছখনৰ হেণ্ডিমেনে মহিলাগৰাকীক গতিয়াই ৰাস্তাত পেলাই থৈ যায়। যাত্ৰীবাহী বাছখনৰ নাম আলিয়া ট্ৰেভেলছ। বাছখনৰ নম্বৰ AS-13C 6386। মহিলাগৰাকীক কি কাৰণত চলন্ত বাছখনৰ পৰা গতিয়াই পেলাই দিয়ে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে এতিয়া।

ৰাষ্ট্ৰীয় ঘাইপথত মহিলাগৰাকীক পেলাই দিয়াত অচেতন হৈ পৰে। মহিলাগৰাকীক গতিয়াই পেলাই থৈ যোৱাৰ পাছতেই তীব্ৰ গতিত পলায়ন কৰে আলিয়া ট্ৰেভেলছ বাছখনে। লগে লগে প্ৰত্যক্ষদৰ্শীয়ে মহিলাগৰাকীক ছিপাঝাৰ সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱায়।

বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মহিলাগৰাকীৰ পৰিচয়। পলায়ন কৰা আলিয়া ট্ৰেভেলছ নামৰ বাছখন বাইহাটা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।