by Abinash Saikia
0 comments

৬ ফেব্ৰুৱাৰী, ২০২৬ঃ দেশৰ ইতিহাসত প্ৰথম, দেশৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰূপে গঢ়িলে অভিলেখ। প্ৰমিলেশ্বৰ বেনাৰ্জী অৰ্থাৎ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দেউতাক এজন স্বাধীনতাৰ যুঁজাৰু আছিল। মমতা বেনাৰ্জীৰ বৰ্তমানৰ যি নিৰ্ভীকতা,স্পষ্টবাদিতা সেইয়া বংশানুক্ৰমিক অৱদান হিচাপেও তেখেতে লাভ কৰিছে। বৰ্তমান ৭১ বছৰীয়া মমতাক পশ্চিম বংগত সকলোৱে “দিদি” বুলিয়েই সম্বোধন কৰে।

গাৰ্হস্থ্য জীৱনৰ পাতনি নেমেলা ‘দিদি’সততে চৰ্চাত থাকে। কিছু বছৰ পূৰ্বে আঘাতপ্ৰাপ্ত ভৰিৰে এটা ফুটবল লৈ “খেলা হ’বে” বুলি হুংকাৰ দিয়ে এই গৰাকী মুখ্যমন্ত্ৰীয়ে।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী কাৰ্যনিৰ্বাহী মুখ্যমন্ত্ৰী হিচাপে উচ্চতম ন্যায়ালয়ত উপস্থিত হৈ নিজৰ ৰাজ্যৰ হৈ যুক্তি দৰ্শাই এক নজিৰ সৃষ্টি কৰিছে। তেওঁ SIR (Suspected Illegal Residents) গোচৰত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে নিজৰ সপক্ষে যুক্তি আগবঢ়াইছিল। এই পদক্ষেপক ৰাজনৈতিক ধ্ৰুৱীকৰণ আৰু সাংবিধানিক প্ৰতিষ্ঠানক প্ৰত্যাহ্বান হিচাপে গণ্য কৰা হৈছে

উল্লেখ্য যে কলকাতাৰ শিক্ষায়তন মহাবিদ্যালয়ৰ পৰা বি.এড. ডিগ্ৰি লোৱাৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম.এ. ডিগ্ৰি আৰু কলিকতাৰ যোগেশ চন্দ্ৰ চৌধুৰী কলেজ অফ ল’ ৰ পৰা এল.এল.বি. ডিগ্ৰি অৰ্জন কৰে।

২০১১ চনৰ পৰা মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থকা মমতা বেনাৰ্জী সাহস শলাগিবলগীয়া। ৭১ বয়সত উচ্চতম ন্যায়ালয়ৰ মজিয়াত মুখ্যমন্ত্ৰীৰ দৰে আসন অলংকৃত কৰি থিয় দিয়া ভাৰতৰ ইতিহাসত এয়াই প্ৰথম।

 

You may also like

Leave a Comment