Home » বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ আজি ২য় দিন, ২য় দিনা কোনকেইটা সমষ্টি স্পৰ্শ কৰিব ?

বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ আজি ২য় দিন, ২য় দিনা কোনকেইটা সমষ্টি স্পৰ্শ কৰিব ?

by admin
0 comments

১ মাৰ্চ, ২০২৬ঃ বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ আজি ২য় দিন। প্ৰথম দিনৰ সফল সমাপ্তিৰ পাছত আৰম্ভ হ’ব দ্বিতীয় দিনৰ যাত্ৰা। জাগীৰোডৰ পৰা আৰম্ভ হ’ব দ্বিতীয় দিনৰ ‘জন আশীৰ্বাদ যাত্ৰা’। মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণৰ লগে লগে আৰম্ভ হ’ব দ্বিতীয় দিনৰ যাত্ৰা ।

দ্বিতীয় দিনৰ এই যাত্ৰাই স্পৰ্শ কৰিব ৬টাকৈ সমষ্টি । জাগীৰোড, লাহৰিঘাট, মৰিগাঁও, ৰহা, নগাঁও, বঢ়মপুৰ সমষ্টিক স্পৰ্শ কৰিব। জাগীৰোডৰ পৰা এই যাত্ৰা নগাঁৱৰ মামা বজাৰ হৈ উপস্থিত হ’ব পুৰণিগুদামৰ বাপুজী ভৱন খেলপথাৰত।

এই যাত্ৰাৰ শেষত মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব নগাঁৱৰ বেবেজীয়া পালনাম থানত একশৰণ ভাগৱতী সমাজ,অসমৰ কেন্দ্ৰীয় প্ৰশাসনিক ভৱনৰ দ্বাৰ। ১০ বছৰত সফলতাক ৰাইজৰ মাজলৈ নিবলৈ বিজেপিৰ এই কাৰ্যসূচী। ৪০ৰ পৰা ৫০ টা সমষ্টি সামৰি ল’ব এই যাত্ৰাই। ১৫০০ৰ পৰা ২০০০ কিঃমি স্পৰ্শ কৰিব এই যাত্ৰাই ।

৯ মাৰ্চলৈ অব্যাহত থাকিব এই যাত্ৰা । কিছুদিন বিৰতিৰ পাছত আকৌ ১৬ আৰু ১৭ তাৰিখে এই যাত্ৰা আৰম্ভ হ’ব ।

 

You may also like

Leave a Comment