Home » ওম গং গণপতিয়ে নমঃ

ওম গং গণপতিয়ে নমঃ

সমগ্ৰ দেশে উদযাপন কৰিছে গণেশ চতুৰ্থী

by Abhilasha das kalita
0 comments

ওম গং গণপতিয়ে নমঃ
আজি সমগ্ৰ দেশে উদযাপন কৰিছে গণেশ চতুৰ্থী ৷ এই উৎসৱ প্ৰতি বছৰে ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তাৰিখে পালন কৰা হয় ৷ এইবাৰ ২০২৫ চনৰ ২৭ আগষ্টৰ পৰা ৬ ছেপ্টেম্বৰলৈকে গণেশ চতুৰ্থী উৎসৱ পালন কৰা হ’ব ৷গণেশ চতুৰ্থী হৈছে হিন্দু উৎসৱ, য’ত দেৱতা গণেশক তেওঁৰ জন্মতিথি উপলক্ষে পূজা কৰা হয়। হিন্দুসকলৰ বিশ্বাস অনুসৰি, পূজাৰ দিনটোত গণেশে তেওঁৰ ভক্তসকলক আশিস দিবলৈ মৰ্তালৈ আহে।যাৰ ফলত জীৱনত সুখ, সমৃদ্ধি আৰু বাধাৰ পৰা মুক্তি ঘটে। এই উৎসৱত ঘৰত বা ৰাজহুৱাভাৱে গণেশৰ মাটিৰ প্ৰতিমা স্থাপন কৰি পূজা-অৰ্চনা কৰা হয়।
পূজাৰ উদ্দেশ্য শুভফলৰ বাবে:
গণেশক বিঘ্ননাশক, বুদ্ধি, শিল্প আৰু জ্ঞানৰ দেৱতা হিচাপে পূজা কৰা হয়।

আৰ্থিক সমৃদ্ধি:
ভক্তসকলে ব্যক্তিগত আৰু পেশাগত জীৱনত নানা বাধা-বিপত্তিৰ পৰা মুক্তি লাভ কৰিবলৈ এই পূজা কৰে।

পূজাৰ বিধি:
গণেশ চতুৰ্থীৰ দিনা ভক্তসকলে ঘৰলৈ গণেশৰ মাটিৰ প্ৰতিমা আনি স্থাপন কৰে।
পূজাৰ সময়ত গণেশৰ মন্ত্ৰ উচ্চাৰণ কৰা হয়।
এই উৎসৱত ব্ৰত পালন কৰা হয় আৰু গণেশক তেওঁৰ প্ৰিয় বস্তু, যেনে লাড্ডু, উৎসৰ্গা কৰা হয়।

গণেশ চতুৰ্থীৰ দিনা পুৱা সূৰ্যোদয়ৰ পাছতে ভক্তসকলে পূজা-অৰ্চনা আৰম্ভ কৰে।

গণেশৰ তাৎপৰ্য এই যে,
গণেশক শিব আৰু পাৰ্বতীৰ পুত্ৰ হিচাপে জনা যায়।
গণেশৰ বাহন হৈছে এন্দুৰ , যাক তেওঁৰ অনুগত বুলি কোৱা হয়।
আজি গণেশ চতুৰ্থী। সিদ্ধিদাতাৰ আশিস বিচাৰি পূজা-অৰ্চনা কৰে।ধূপ-দীপ, নৈবেদ্যৰে পূজা-অৰ্চনা ভক্তৰ সকলৰ।

You may also like