উদাস বতাহক এই কহুৱাবোৰেই দিয়ে পৰিচয়
শৰত আহে, কহুৱা ফুলে । ফিৰ ফিৰ বতাহৰ সৈতে কহুৱাই নাছে । আকাশৰ নিৰ্মলতাক কহুৱাই আৰু সুন্দৰ ৰূপত তুলি ধৰিছে । কহুঁৱা ফুলৰ নতুন সাজ যোৰ পিন্ধি আকৌ আহিল শৰত ৷ শৰত অহাৰ লগে লগে চাৰিওফালে পৰিলক্ষিত হৈছে এক সুকীয়া পৰিৱেশ ৷ আমোল মোল শেৱালিৰ গোন্ধত শৰতৰ আগমন।নিয়ৰৰ টোপাল, শেৱালি ফুলৰ সুভাষে সকলোৰে মন আনন্দময় কৰি তুলিছে ৷গছৰ কুহে কুহে শৰত অহাৰে যেন বতৰা লৈ আহিছে ৷ ঋতুৰ সমান্তৰালভাৱে প্ৰকৃতিয়ে সলাই বৰণ। প্ৰতিটো ঋতুতে ধৰা দিয়া প্ৰকৃতিৰ ভিন্ন ৰূপে মনপ্রাণ জুৰাই মানুহক। ঋতুবোৰেই সন্ধান দিয়ে সৃষ্টিৰ ন-দুৱাৰৰ। এতিয়া ধৰালৈ শৰৎ নামিছে। অসমৰ গাঁওবোৰত শৰতৰ সুৱাসে আৱৰি ধৰিছে। মেঘৰ মাদলৰ লগে লগে উদং পথাৰত সপোন সিঁচা গঞাৰ বুকুত সেউজীয়াই ছানি ধৰিছে।প্ৰকৃতি শুন্দৰ ৰূপে সজাই তুলিবলৈকে যেন শৰতৰ আগমন ঘটিছে ৷ নদীৰ বাকৰিত এতিয়া শুকুলা কহুঁৱাৰ ফুল ৷ নদীৰ কাষে কাষে হালি-জালি শাৰী শাৰীকৈ ফুলিছে অসংখ্য কহুঁৱাৰ ৷ নৈৰ কাষে কাষে ফুলা এই কহুঁৱা ফুলবোৰৰ বতাহত হালি জালি যেন সৌন্দৰ্য সমাহাৰ ঘটাই অধিক সৌন্দৰ্য বৰ্ধন কৰি তুলিছে সমগ্ৰ পৰিবেশ ৷এই কহুঁৱাৰ ফুলৰ মনোৰম দৃশ্যয়ে যেন মানুহৰ মনলৈও লৈ আহিছে আফুৰন্ত আশা আৰু পেৰণা বতৰা ।প্ৰকৃতিৰ অনন্য এই কহুৱাবোৰ স্বাভাৱিকভাৱেই গজি উঠে নৈ, জান, বিলৰ পাৰত । গীতৰ মাজত কহুৱাই জীপাল কৰে শৰতৰ সেই মধুৰ আৱেগসনা পৰিৱেশৰ ।
কিন্তু এই কহুৱাৰ নাই কোনো ব্যৱহাৰিক প্ৰয়োজন । অথচ কহুৱাবিহীন গীত, কবিতা, প্ৰকৃতিৰ ৰূপ মাদকতা কোনোটোৱেই সম্পূৰ্ণ নহয় । শেৱালি আৰু কহুলা ফুলিলেহে যেন শৰত আহে শৰতৰ বতৰত নিয়ৰ, কহুৱা, শেৱালি আৰু নিৰ্মল আকাশৰ বিনন্দীয়া ৰূপে গঢ়ে উৎসৱৰ পৰিৱেশ । উৎসৱৰ মানেই যেন আনন্দৰ সম্ভাৰ । কহুৱাৰ মায়াই সকলোকে হাত বাউলি মাতে ।
সেয়েহে কহুৱা আমাৰ এক অংগ হৈ পৰিছে । কোনোবাই যদি নৈৰ পাৰৰ কহুৱা হৈ উৰিব খোজে, আন কোনোবাই সেই বিনন্দীয় পৰিৱেশৰ মাজত নিজৰ মনটোক কহুৱা কোমল কৰি প্ৰেমময় পৃথিৱীত এৰি দিয়ে ।বতাহত লহপহকৈ ফুলি নাচি বাগি থকা এই কহুৱাবোৰৰ মনবোৰ যেন এতিয়া অশান্ত ৷কিন্তু শৰতৰ আগমণৰ পাছতেই কহুৱা হৈ পৰে আকৌ এলাগী । আকৌ কহুৱাৰ সেই সৌন্দৰ্য্য বিচাৰিবলৈ অপেক্ষা কৰিব লাগে আন এক শৰতৰ আগমণলৈ ।