এখন ব্যতিক্ৰমী বিয়াক লৈ এতিয়া চলিছে চৰ্চা । যত এগৰাকী কইনা সৈতে দৰা হিচাপে বিয়াত বহিছে দুই ভাতৃ । কইনাগৰাকীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ সুখী দুয়ো। কোনো ঘটনা নহয়, এয়া হৈছে পৰম্পৰা । হিমাচল প্ৰদেশৰ হাট্টি জনগোষ্ঠীৰ মাজত প্ৰচলিত এই বিবাহ অনুষ্ঠান । আচলতে হিমাচল প্ৰদেশৰ হাট্টি জনগোষ্ঠীৰ মাজত এটা পৰম্পৰা আছে যে এগৰাকী মহিলাক যদি দুজন পুৰুষে প্ৰেম কৰে তেন্তে সেই প্ৰেমক আনুষ্ঠানিক ৰূপ দিয়াৰ বাবে বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু যাক কোৱা হয় “যোদিজোৰা” । হিমাচলৰ চিৰমৌৰ গাঁৱতঅনুষ্ঠিত হৈছিল এই বিয়াখন । বিবাহপাশত আৱদ্ধ হোৱা কইনা গৰাকীৰ নাম সুনিতা চৌহান আৰু আৰু দৰা দুগৰাকী অৰ্থাৎ দুই ভাতৃৰ নাম প্ৰদীপ নেগী আৰু কপিল নেগী । ১২ জুলাইত ধুমধামেৰে অনুষ্ঠিত হোৱা বিবাহ অনুষ্ঠানত উপস্থিত হৈছিল শ শ গাঁওবাসী । যিকোনো গতানুগতিক বিয়াৰ দৰেই অনুষ্ঠিত হৈছিল এই বিয়াখন ।
প’লিয়াণ্ড্ৰিঃ প’লিয়াণ্ড্ৰিঃ হৈছে এটা বিবাহ প্ৰথা, য’ত এগৰাকী মহিলাই বহু পুৰুষৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব পাৰে বিশেষকৈ ভাতৃৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা প্ৰথা জিলাখনত বাৰুকৈয়ে প্ৰচলিত । হাট্টি জনগোষ্ঠীসকলৰ মাজত প্ৰচলিত যোদিজোৰা বিবাহ প্ৰথা হিমাচল প্ৰদেশৰ ৰাজহ আইনেও স্বীকৃতি প্ৰদান কৰিছে । আনহাতে এই হাট্টি সম্প্ৰদায়ৰ লোকসকলক ৩ বছৰ ২০২২চনত অনুসূচীত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰিছে হিমাচল প্ৰদেশ চৰকাৰে ।
জিলাখনত বিগত দুটা বছৰত ৫খনকৈ যোদিজোৰা প্ৰথাৰ বিবাহ অনুষ্ঠিত হৈছে। হাট্টী জনগোষ্ঠীৰ কেন্দ্ৰীয় হাট্টী সমিতিয়ে জনাইছে যে এই প্ৰথা প্ৰয়োজনীয়তাৰ বাবে হাজাৰ হাজাৰ বছৰ পূৰ্বেই আৰম্ভ হৈছিল । এই বহুবিবাহ প্ৰথাই একাধিক উত্তৰাধিকাৰীৰ মাজত পূৰ্বপুৰুষসকল ভূমি বিভাজন ৰোধ কৰাত সহায় কৰিছিল।
-Joon Gogoi