Home » আজি বিশ্ব স্বাস্থ্য দিৱস, কিয় পালন কৰা হয় এই দিৱস ?

আজি বিশ্ব স্বাস্থ্য দিৱস, কিয় পালন কৰা হয় এই দিৱস ?

by admin
0 comments

প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে পালন কৰে।

বিশ্ব স্বাস্থ্য সংস্থা আন্তৰ্জাতিক জনস্বাস্থ্যৰ সমন্বয়কৰ ভূমিকা পালন কৰে। ১৯৪৮ চনৰ ৭ এপ্ৰিল তাৰিখে ইয়াৰ গঠন কৰা হৈছিল। ১৯৪৮ চনত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথম বিশ্ব স্বাস্থ্য সভা অনুষ্ঠিত হৈছিল। বিশ্ব স্বাস্থ্য সভায়ে প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰাৰ প্ৰস্তাৱ গৃহীত কৰে আৰু ১৯৫০ চনৰ পৰা এই প্ৰস্তাৱ কাৰ্যকৰী হয়। গোটেই বিশ্বতে স্বাস্থ্য সম্পৰ্কীয় বিষয় সমূহৰ সজাগতা আৰু উপযুক্ত কৃতপক্ষৰ দৃষ্টি আকৰ্ষণ কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য। বিশ্ব স্বাস্থ্য সংস্থায়ে বিশ্ব স্বাস্থ্য দিৱসত আন্তৰ্জাতিক, আঞ্চলিক আৰু স্থানীয় স্তৰত প্ৰতি বছৰে এটি মূল বিষয়লৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। বিশ্ব স্বাস্থ্য দিৱস জনস্বাস্থ্যৰ লগত জড়িত বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংগঠনে পালন কৰে। গোলকীয় স্বাস্থ্য পৰিষদৰ অংশ হিচাপে বিশ্ব স্বাস্থ্য দিৱসৰ প্ৰচাৰ আৰু প্ৰসাৰ চলোৱা হয়।

বিশ্ব স্বাস্থ্য দিৱস বিশ্ব স্বাস্থ্য সংস্থায়ে পালন কৰা বিশ্বৰ স্বাস্থ্যৰ লগত জড়িত ৮ টা চৰকাৰী দিৱস আৰু কাৰ্যসূচীৰ অন্যতম। বাকীকেইটা হল বিশ্ব যক্ষ্মা দিৱস, বিশ্ব ৰোগপ্ৰতিৰোধক সপ্তাহ, বিশ্ব মেলেৰিয়া দিৱস, বিশ্ব ধঁপাতবিৰোধী দিৱস, বিশ্ব এইড্‌ছ দিৱস, বিশ্ব ৰক্তদাতা দিৱস আৰু বিশ্ব হেপাটাইটিছ দিৱস।

বিশ্ব স্বাস্থ্য দিৱস, ২০২৫ চনৰ বাবে থিম কি ?

বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে এটা নিৰ্দিষ্ট বিষয়বস্তুৰে পালন কৰা হয়, যিটো বিশ্ব স্বাস্থ্য সংস্থাই (WHO) সিদ্ধান্ত লয় ৷ এইবাৰ ২০২৫ চনৰ বাবে থিম ‘স্বাস্থ্যকৰ আৰম্ভণি, আশাবাদী ভৱিষ্যত’(Healthy Beginnings, Hopeful Futures) হিচাপে ৰখা হৈছে ৷ এই বিষয়ত মূলতঃ মাতৃ আৰু নৱজাত শিশুৰ স্বাস্থ্য আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ৷ ইয়াৰ উদ্দেশ্য হৈছে গৰ্ভাৱস্থা, প্ৰসৱ আৰু পৰৱৰ্তী যত্নৰ সময়ত উন্নত সেৱাৰ প্ৰয়োজনীয়তাক উজ্জ্বল কৰি তোলা, যাতে মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ সংখ্যা হ্ৰাস পায় ৷

You may also like

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Recent Posts

Guide Map